
নিউজ ডেস্ক:
কামপুৰত মৰ্মান্তিক ঘটনা।অভিযুক্তক ধৰিবলৈ গৈ বানত উটিল কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈ।দেওবাৰে নিশা এক গোচৰৰ তদন্তৰ বাবে যাওঁতেই নদীৰ সোঁতত পৰি উটি গৈছিল।
ইফালে নিশাই উদ্ধাৰ কৰা হয় কনিষ্টবল বৰদলৈৰ মৃত দেহ।আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আজি পুৱা অ'চি সমুজ্বলৰো মৃতদেহ উদ্ধাৰ কৰে।
উল্লেখযোগ্য যে ,গুৱাহাটীৰ চাংসাৰিত সমুজ্জ্বল কাকতিয়ে মাত্ৰ ১টা মাহ পূৰ্বে কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰিছিল।
প্ৰাপ্ত খবৰ মতে কনিষ্টবল ৰাজীৱ বৰদলৈৰ প্ৰাণ ৰক্ষা কৰিবলৈ পানীত জাঁপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বলে।
ইফালে দুয়োগৰাকী আৰক্ষীৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্রকাশ কৰিছে।মৃত দুয়ো গৰাকীৰ পৰিয়ালক প্ৰয়োজনত সকলো সহায় কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।
- Log in to post comments
- 20 views