গুৱাহাটীৰ আদাবাৰী ৰাজপথত নিশা জ্বলিল ৪খনকৈ চিটিবাছ

A

 

B

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ আদাবাৰীৰ ৰাজপথত দাওঁ দাওঁকৈ জ্বলিল যাত্ৰীবাহী চিটি বাছ।বুধবাৰে নিশা ৰাজপথত ৰখাই থোৱা অৱস্থাত ৰহস্যজনক ভাৱে জ্বলিল ৪খনকৈ চিটি বাছ৷প্ৰাপ্ত খবৰ মতে প্ৰথম অৱস্থাত দুখন চিটি বাছত লাগিছিল জুই, পৰৱৰ্তী সময়ত অন্য দুখন বাছলৈ বিয়পি পৰে এই জুই।গুৰুত্বপূৰ্ণ কথা এই যে মাজ নিশা ৰখাই থোৱা চিটিবাছত কিদৰে জুইৰ সূত্ৰপাত হবলৈ পালে সেইয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত।আৰক্ষীয়ে অগ্নিকাণ্ডৰ প্রকৃত কাৰণ বিচাৰি ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।
ইফালে মাজনিশা সংঘটিত অগ্নিকাণ্ডই আতংকৰ সৃষ্টি কৰে স্থানীয় লোকৰ মাজত।ঘটনাস্থলীলৈ মোতায়েন কৰা হয় অগ্নিনিৰ্বাপক বাহিনী।স্থানীয়বাসীৰ সহযোগত বহুকেইখন অগ্নিনির্বাপক বাহিনীৰ বাহনে দীৰ্ঘসময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Your Comments