খাটোৱালৰ ঘটনাৰ প্ৰতিবাদত ৰঙিয়াত যুৱ কংগ্ৰেছৰ মুখ্য মন্ত্ৰী-শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

খাটোৱালৰ ঘটনাৰ প্ৰতিবাদত ৰঙিয়াত যুৱ কংগ্ৰেছৰ মুখ্য মন্ত্ৰী-শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

নগাঁৱৰ উত্তৰ খাটোৱালত বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰ শিশুসহ ছয়জন লোকৰ কৰুণ মৃত্যুৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰঙিয়াত আজি যুৱ কংগ্ৰেছৰ নেতৃত্বত অসমৰ মুখ্য মন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । 

যুৱ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে ৰঙিয়া হাইৱে' চ'কত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শক্তিমন্ত্ৰী তপন কুমাৰ গগৈৰ প্ৰতিকৃতি দাহ কৰি কয় যে বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে ছয়জনকৈ নিৰীহ লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল ।

পৰিৱৰ্তন আৰু উন্নয়নৰ শ্লোগান গোৱা চৰকাৰখনৰ দিনত বিদ্যুৎ বিভাগক উন্নত কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলিও তেওঁলোকে মন্তব্য কৰে ।

বিদ্যুৎ বিভাগক উন্নত কৰিব নোৱাৰিলে শক্তিমন্ত্ৰীৰ পদত্যাগো দাবী কৰে প্ৰতিবাদকাৰীসকলে ।

Your Comments