কামৰূপ(ম)ত এইডছ আক্রান্ত বৃদ্ধি,৭০৮৭জন চিনাক্ত-জিলা এইডছ নিয়ন্ত্ৰণ চ’ছাইটি

A

নিউজ ডেস্ক:
কামৰূপ(ম) জিলাত উদ্বেগজনক ভাৱে প্ৰাপ্তবয়স্কৰ মাজত বৃদ্ধি পাইছে এইডছ সংক্ৰমণ।পূৰ্বৰ তুলনাত মহানগৰীত বৃদ্ধি এইডচ ৰোগীৰ সংখ্যা।এই ভয়ংকৰ তথ্য সদৰী কৰিছে জিলা এইডচ নিয়ন্ত্ৰণ চ’ছাইটিয়ে।আজি  গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন কৰ্মশালাত জিলা এইডছ বিষয়া ডা: মৃদুল ভাৰতী নাথে কয় যে- ২০৩০চনৰ ভিতৰত এইডচ মুক্ত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।সেই হিচাপে এইডছত আক্রান্ত শিশুৰ সংখ্যা পূৰ্বতকৈ যথেষ্ট হ্রাস পাইছে যদিও প্ৰাপ্তবয়স্কৰ মাজত জিলাখনত বৃদ্ধি হৈছে আক্রান্তৰ সংখ্যা।২০২১ বৰ্ষৰ ৩১ অক্টোবৰলৈ সমগ্র ৰাজ্যত এইডচত আক্ৰান্তৰ  সংখ্যা প্ৰায় ২১,২২৩জন।তাৰে ৩৩% আক্ৰান্ত ৰোগী কামৰূপ মহানগৰ জিলাৰ।ৰাজ্যৰ ভিতৰতে কামৰূপ(ম)ত আক্ৰান্তৰ হাৰ সৰ্বাধিক।চলিত বৰ্ষৰ জানুৱাৰীলৈ এইডছৰ চিকিৎসা গ্ৰহণ কৰি থকা জিলাখনত ৰোগী সৰ্বমুঠ ৭০৮৭গৰাকী।তাৰে ৫০৮৬গৰাকী প্ৰাপ্তবয়স্ক, ২৩৪গৰাকী শিশু আৰু ১৭৬৭ গৰাকী গৰ্ভৱতী মহিলা।ইয়াৰ উপৰিও আক্রান্তৰ দ্বিতীয়স্থানত কাছাৰ।মুঠ আক্ৰান্ত হৈছে ৪৭৮৬ গৰাকী৷ একেদৰে ডিব্ৰুগড় জিলাত ১২৭৪ গৰাকী এইডছ ৰোগী থকাৰ তথ্য সদৰী কৰে নাথে।
ভালখবৰ এই যে অসমত এইডচ আক্ৰান্তৰ হাৰ ০.৯%। কৰ্মশালাত তেওঁ প্রকাশ কৰা মতে ২০০৫ চনৰ তুলনাত ২০২০চনত অসমত শিশুৰ আক্ৰান্ত ২২% হ্ৰাস পাইছে।ঠিক একেদৰে আক্রান্ত ৰোগীৰ মৃত্যুও ৫০% হ্ৰাস হৈছে।
কৰ্মশালাত প্ৰকাশিত তথ্য মতে জিলাখনত এইডছত আক্ৰান্ত সৰ্বাধিকে যৌনকর্মীৰ দ্বাৰা সংক্ৰমিত।
আনহাতে তেওঁ জানিব দিয়া মতে সমগ্ৰ অসমৰ ৩১খন কাৰাগাৰত ২০২১চনলৈ মুঠ ১১৬গৰাকী বন্দীৰ এইডছ ধৰা পৰিছে।কামৰূপ(ম) জিলাৰ পাঁচটাকৈ এনজিঅ’য়ে বৰ্তমান এইডচ নিয়ন্ত্ৰণ বিভিন্ন কাম-কাজ কৰি থকা বুলিও নাথে কয়।
গুৱাহাটী প্ৰেছ ক্লাবত জিলা এইডছ নিয়ন্ত্ৰণ কোষৰ কৰ্মশালাত উপস্থিত থাকে মানৱ সূৰ্য দাস, চাতু্ৰ্য প্ৰসাদ তালুকদাৰ৷

Your Comments