গুৱাহাটী হেলথ চিটি হাস্পতালত এমহীয়া শিশুৰ ৫০০ গ্রাম ওজনৰ টিউমাৰৰ সফল অস্ত্ৰোপচাৰ

A

নিউজ ডেস্ক:

গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ চিটি হাস্পতালৰ সাফল্য।এটি এমহীয়া কন্যা শিশুৰ ৫০০ গ্রাম ওজনৰ টিউমাৰৰ সফল অস্ত্ৰোপচাৰ।এমহীয়া কন্যা শিশুটিৰ শৰীৰৰৰ নিম্ন অংশত জন্মগতভাৱে আছিল টিউমাৰটো।বিশিষ্ট স্নায়ু শল্য ৰোগ বিশেষজ্ঞ ডাঃ এন কে দাসৰ নেতৃত্বত  শল্য চিকিৎসকৰ দলে ৩ঘণ্টা ধৰি চলোৱা অস্ত্ৰোপ্ৰচাৰৰ অন্তত বিশাল আকাৰৰ টিউমাৰটো দেৱ কন্যা শিশুটিৰ কোনো ক্ষতি নোহোৱাকৈ আঁতৰাবলৈ সক্ষম হয়।উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলত কোনো শিশুৰ দেহৰ ৩০ শতাংশ ওজনৰ টিউমাৰৰ এইয়াই প্ৰথম সফল অস্ত্ৰোপচাৰ।এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই তথ্য সদৰী কৰিছে হেলথ চিটি হাস্পতালৰ ফেচেলিটি ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই।
ইফালে সফল অস্ত্ৰোপচাৰৰ অন্তত বিশেষজ্ঞ চিকিৎসক এন কে দাসে কয়-দেখাত দ্বিতীয় মূৰৰ দৰে টিউমাৰটো হৈছিল শিশুটিৰ যৌনাংগ আৰু মল-মূত্ৰ ত্যাগ কৰা অংগৰ সমীপত।গতিকে টিউমাৰটো গুচাই দিয়াৰ ফলত যৌনাংগ, মলদ্বাৰ আৰু পায়ু আদিৰ স্থায়ীভাৱে ক্ষতি হোৱাৰ সম্ভাৱনা আছিল।সেয়েহে অস্ত্ৰোপচাৰৰ পূৰ্বে মাতৃ দুগ্ধ পান কৰাই শিশুটিক স্বাস্থ্যৱান কৰি তুলিবলৈ অভিভাৱকক পৰামৰ্শ দিয়া হৈছিল।

Your Comments