বঙাইগাওঁ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত স্বাস্থ্যমেলা সম্পন্ন

A

নিউজ ডেস্ক:
বঙাইগাওঁ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মঙলবাৰে জিলাখনৰ বইটামাৰী খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অন্তৰ্গত বিষ্ণুপুৰ দিনবন্ধু উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এখন স্বাস্থ্যমেলা।জনতাৰ সুবিধাৰ্থে বিভিন্ন ৰোগ চিনাক্তকৰণ, চৰকাৰী আঁচনিসমূহৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে জনতাক সজাগ কৰাৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসা কিদৰে উপযুক্ত চিকিৎসকৰ জৰিয়তে গ্ৰহণ কৰিব পাৰি তাক অৱগত কৰোৱাই হৈছে এই স্বাস্থ্যমেলাৰ প্ৰধান উদ্দেশ্য।স্বাস্থ্যমেলাত চকু, মেডিচিন, প্ৰসূতি, দন্ত, এনচিডি, পৰিয়াল পৰিকল্পনা, আৰ বি এছ কে(ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম)ৰ অভিজ্ঞ চিকিৎসকৰ লগতে মোবাইল মেডিকেল ইউনিত(এম এম ইউ) আৰু সঞ্জীৱনী কৰ্মকর্তাসকল উপস্থিত থাকে।প্ৰায় তিনিশতাধিক লোকে অংশগ্ৰহণ কৰা স্বাস্থ্যমেলাৰ সজাগতা সভাত অংশগ্ৰহণ কৰি জ্যেষ্ঠ চিকিৎসক ডাঃ পৰেশ ৰয়, চিকিৎসক ডাঃ বাদল চৰকাৰ, চিকিৎসক ডাঃ মুস্তাফিজুৰ ৰহমানে বিভিন্ন ৰোগ সন্দৰ্ভত লব লগা আগতীয়া সজাগতাৰ বিষয়ে বিস্তাৰিত ভাৱে দাঙি ধৰে।পুৱা ১০.৩০বজাৰ পৰা আৰম্ভ হোৱা এই স্বাস্থ্যমেলাৰ শুভাৰম্ভনি কৰে জিলা অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শ্যামল ক্ষেত্ৰ গগৈ, মহকুমাৰ বিষয়া(সদৰ) পাৰ্থ জহাৰিয়ে।স্বাস্থ্যমেলাখন শুভাৰম্ভনি কৰি এনেধৰণৰ অনুষ্ঠানে চৰকাৰৰ বিভিন্ন আঁচনি সাধাৰণ জনতাক জ্ঞাত কৰোৱাৰ লগতে দুৱাৰদলিত পোৱা সুবিধাসমূহত জনতা যথেষ্ট উপকৃত হয় বুলি সদৰী কৰে অতিৰিক্ত উপায়ুক্ত গগৈয়ে।উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰগেম মেনেজমেণ্ট ইউনিত প্ৰমুখ্যে জিলাৰ বহুকেইগৰাকী শীৰ্ষ বিষয়া।

Your Comments