গান্ধীনগৰ মজলীয়া বিদ্যালয়ত NHMৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

A

নিউজ ডেস্ক:

গুৱাহাটীৰ ঐতিহ্য প্ৰসিদ্ধ শিক্ষানুষ্ঠান গান্ধীবস্তিস্থিত গান্ধীনগৰ মজলীয়া বিদ্যালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ।শিক্ষানুষ্ঠানৰ কর্তৃপক্ষ আৰু প্ৰাক্তন ছাত্ৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহপাঠীসকলৰ সহযোগত মঙলবাৰে এই স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়।অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় শিবিৰত।উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ জন্ম দিনৰ দিনা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয়ৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে ৩কোটি টকা আৰ্থিক সাহায্য ঘোষণা কৰিছিল।লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা সতীৰ্থসকলক শিক্ষানুষ্ঠানৰ বিভিন্ন শৈক্ষিক, সামাজিক, সাংস্কৃতিক আদি দিশত জড়িত হবলৈ আহ্বান জনাইছিল।মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে ইতিমধ্যে একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী বিদ্যালয়খনৰ বিভিন্ন কাৰ্যসূচীত জড়িত হৈ পৰিছে।তাৰে অংশৰূপে আজি চিকিৎসা শিবিৰত বিদ্যালয়ৰ কর্তৃপক্ষৰ সৈতে সহযোগিতা আগবঢ়ায় একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে।
চিকিৎসক ডাঃ ৰেখা শৰ্মাৰ নেতৃত্বত দিনযোৰা চিকিৎসা শিবিৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰণৱ ডেকাসহ প্ৰাক্তন ছাত্ৰ তথা মুখ্যমন্ত্ৰীৰ সতীৰ্থ দ্বীপেন ডেকা,উজ্জ্বল শৰ্মা, বিৰিঞ্চি মেধি, ৰাজীৱ শৰ্মা উপস্থিত থাকে।

Your Comments