মেটাভাৰ্চ (Metaverse) যিয়ে সলনি কৰি দিব ইন্টাৰনেটৰ ভার্চুৱেল জগতখন

A

B

গংগোত্ৰী কাশ্যপ:

মেটাভাৰ্চ  (Metaverse) এখন ভার্চুৱেল জগত য'ত আপুনি ভিন্ন ধৰনৰ অভিজ্ঞতা পাবলৈ  সক্ষম হ'ব। যদিও এইখন কম্পিউটাৰেৰে তৈয়াৰি  তথাপিও  ইয়াক কিন্তু বাস্তব জগতৰ দৰেই দেখা যাব । মেটাভাৰ্চক ইন্টাৰনেটৰ পৰৱর্তী ৰাউন্ড বুলিলেও ভুল কোৱা নহ'ব।

ভার্চুৱেল আৰু অগমেন্টেড (augmented) ৰিয়েলিটি আৰু উন্নত এআই (advanced AI) প্রযুক্তিৰ সমন্বয়ত গঢ়ি তোলা  ফ্যান্টাচি  জগতখনেই মেটাভাৰ্চ।

মেটাভাৰ্চৰ (Metaverse) মূল উদ্দেশ্য হ'ল আপোনালোকক এটি ভিন্ন ধৰণৰ অভিজ্ঞতা প্রদান কৰা, য'ত আপুনি  অনুভব কৰিব যে  আপুনি আপোনাৰ ঘৰতে অন্য ব্যক্তি বা বন্ধুৰ লগতে উপস্থিত আছে।  প্ৰকৃততে যদি  বন্ধুজন আপোনাৰ পৰা দুৰতো থাকে তথাপি আপুনি নিমিষতেই ইয়াত নিজেকে টেলিপোর্ট (teleport) কৰিব পাৰিব আৰু  আপুনি য'লৈকে ইচ্ছা তালৈকে  যাব  পাৰিব। সেয়া লাগিলে আপোনাৰ অফিচেই হওক, বা আপোনাৰ বন্ধুৰ ঘৰেই  হওক বা চিনেমা হলেই হওক ।

মেটাভাৰ্চ (Metaverse) হ'ল এনে এখন জগত যাৰ কোনো সীমা নাই , অর্থাৎ আপুনি ইয়াত যিকোনো সময়ত যিকোনো কামেই কৰিব  পাৰিব ।  Metaverseক social media, augmented reality, virtual reality, gaming, shopping, cryptocurrency ৰ লগতে প্রকৃত বাস্তবতা (বাস্তব জগতৰ) digital intersection, হিচাবেও ভাবিব  পাৰি ।
Avatars মানে 3D representations উপস্থাপন বা বাস্তব মানুহৰ উপস্থাপনো কৰিব পৰা যাব মেটাভাৰ্চত ।কোনো সময়ত মেটাভাৰ্চ (metaverse),  ব্যবহাৰকাৰীসকলে তেওঁলোকৰ  নিজস্ব বিবেচনাৰ ভিত্তিত customized avatars তৈয়াৰ  কৰিব পাৰিব। 
বৰ্তমান ব্যৱহৃত  এপ আৰু  প্লেটফর্মসমূহত খুব কম আৰু  limited functionality দিয়া হৈছে কিন্তু  metaverse ব্যৱহাৰকাৰীৰ  সম্পূর্ণ স্বাধীনতা থাকিব যে তাত কোনেও একো কৰিব নোৱাৰে । 
প্রযুক্তিবিদসকলে বর্তমানৰ ভার্চুৱেল ৰিয়েলিটি মেটাভাৰ্চৰ তুলনা আজিৰ দিনৰ স্মার্ট-ফোন আৰু আশীৰ দশকৰ মোবাইল ফোনৰ লগত কৰে ।

Your Comments