বৰলীয়া নদীক আৱৰ্জনা মুক্তৰ লগতে প্ৰদুষণমুক্ত কৰাৰ বাবে অসম জাতীয় দলে ৰঙিয়া মহকুমাৰ মহকুমাধিপতিক স্মাৰক-পত্ৰ প্ৰদান কৰে ।
ৰঙিয়াৰ সোঁ-মাজেৰে বৈ যোৱা নদীখনে ৰঙিয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য ধৰি ৰখাৰ উপৰিও মানুহ তথা অন্য জীৱ-কূলৰ বাবে নিৰ্মল পানীৰে জীৱন তৃষ্ণা দূৰ কৰি আহিছে । কিন্তু মানৱ সমাজৰ একাংশ অদূৰদৰ্শী মানুহৰ কু-কাৰ্য, পৌৰসভা, বিভাগীয় কৰ্তৃপক্ষৰ চৰম অৱহেলাই বৰলীয়া নদীত ভাবুকিৰ সৃষ্টি কৰিছে । বৰলীয়া নদীত জাৱৰ-জোথৰ পেলোৱাৰ ফলত প্ৰদূষিত হৈছে বৰলীয়া নদীখন ।
আজি অসম জাতীয় দলে বৰলীয়া নদীৰ পাৰত অবৈধভাৱে বেদখল কৰি ব্যৱসায় কৰা লগতে পৌৰসভাৰ পৰা অনুজ্ঞা প্ৰাপ্ত ব্যৱসায়ীক প্ৰতিষ্ঠান উচ্ছেদ কৰা, বৰলীয়া নদীৰ পাৰত জাৱৰ-জোঁথৰ পেলোৱা বন্ধ কৰা, ঘৰুৱাভাৱে ব্যৱহাৰ কৰা শৌচালয়ৰ মল-মূত্ৰ পেলোৱা বন্ধ কৰা, বৰলীয়া নদীৰ দুয়োপাৰ মুকলি কৰি বৃক্ষ ৰোপন কৰাৰ বাবে স্মাৰক-পত্ৰ প্ৰদান কৰে মহকুমাধিপতিক । স্মাৰক-পত্ৰ প্ৰদান কৰে অসম জাতীয় দলৰ হৈ কাৰ্যকৰী সভাপতি জয়ন্ত কুমাৰ কলিতা, সম্পাদক অৰূপ কুমাৰ দাসৰ নেতৃত্বত এটি দলে ৷
- Log in to post comments
- 169 views