ৰঙিয়া বন বিভাগৰ কাৰ্য্যালয়ত দুৰ্নীতিপৰায়ণ বিষয়া ফটিক বৰ্মনক পুনৰ খণ্ড বিষয়া হিচাপে নিযুক্তি দিয়াৰ যো-জা চলোৱাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৰঙিয়া খণ্ড বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৯ মাহমান আগত সেই সময়ৰ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্মই পুঠিমাৰী নৈৰ খনন কাৰ্য পৰ্যবেক্ষণ কৰি দুৰ্নীতিৰ সম্ভেদ পাই ফটিক বৰ্মনক থিতাতে নিলম্বন কৰিছিল ।
ৰঙিয়াৰ বন বিভাগৰ কাৰ্যালয়ত দুৰ্নীতিপৰায়ণ বন বিষয়া ফটিক বৰ্মনক পুনৰ নিযুক্তি দিব বিচৰাত জাঙুৰ খাই উঠিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ।গৰিয়া মৰিয়া জাতীয় পৰিষদৰ বিষয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এজন দুৰ্নীতিপৰায়ণ বিষয়াক পুনৰ ৰঙিয়াতে নিযুক্তি দি আৰু দূৰ্নীতিৰ বজাৰ পাতিব বিচৰা কাৰ্যক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে তীব্ৰ গৰিহণা দিছো ।
সেই সময়ৰ বন মন্ত্ৰী গৰাকীয়ে দুৰ্নীতিৰ সম্ভেদ পাই বন বিষয়া গৰাকীক নিলম্বন কৰিছিল আৰু বন বিষয়াগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ বিভিন্ন অভিযোগ থকাৰ পিছতো কিয় ৰঙিয়াত নিযুক্তি দিব বিচৰা হৈছে বিষয়টো চিন্তনীয় । গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে দুৰ্নীতি গ্ৰস্ত বিষয়াগৰাকীক যদি পুনৰ নিযুক্তি দিয়ে তেন্তে আমি ভয়াবহ আন্দোলৰ কাৰ্যসূচী হাতত ল'ব বুলিও সকীয়াই দিয়ে ৷
- Log in to post comments
- 26 views