বিশ্বৰ কনিষ্ঠতম জ্যোতিৰ্বিজ্ঞানী হিচাপে স্বীকৃতি পালে ব্রাজিলৰ ৮ বছৰীয়া নিক’ল অলিভেৰিয়াই

A

 

C

নিউজ ডেস্ক:
বিশ্বৰ কনিষ্ঠতম জ্যোতিৰ্বিজ্ঞানী  হিচাপে স্বীকৃতি লাভ কৰিছে ব্রাজিলৰ আঠ বছৰীয়া নিক’ল অলিভেৰিয়াই৷ গুৰুত্বপূৰ্ণ কথা এই যে নাছাৰ অংশ হিচাপে থকা গ্রহাণু কার্যসূচীৰ কেইবাটাতো অংশগ্রহণ কৰি বিশ্বৰ বিজ্ঞানী সকলৰ  মাজত চর্চিত হোৱা নিক’ল অলিভেৰিয়াই ব্রাজিলৰ প্রখ্যাত জ্যোতিৰ্বিজ্ঞানী ডুলিয়া ডে মেলৰ সৈতে একেখন মঞ্চত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ 
দেশখনৰ মহাকাশ আৰু বিজ্ঞানৰ শীর্ষ বিজ্ঞানীৰ সৈতে ইতিমধ্যে নিক’ল অলিভেৰিয়াই কেইবাখনো আন্তর্জাতিক  বৈঠকত  মিলিত হৈছে ৷
তাৎপৰ্য পূৰ্ণ কথা এই যে  ইমান কম বয়সতে ছুপাৰ ন’ভা এছ এন ১৯৯৭ডি আৱিষ্কাৰেৰে  অলিভেৰিয়াই  নিজৰ প্রতিভা বিকশিত কৰাৰ লগতে সকলোকে হতবাক কৰি তুলিছে ৷ উল্লেখ্য যে এষ্টৰইড হাণ্টাৰ শীর্ষক প্রকল্পৰ জৰিয়তে নিক’ল অলিভেৰিয়াই মহাকাশত নতুন আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল৷ নাছাৰ দ্বাৰা পঞ্জীয়নকৃত কার্যসূচীত অংশ লৈ আঠ বছৰীয়া নিক’ল অলিভেৰিয়াই বিশ্বৰ কনিষ্ঠতম জ্যোতিৰ্বিজ্ঞানী  হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷


 

Your Comments