মৰেল পুলিচৰ সন্মুখীন বিহালীৰ মহিলা 

মৰেল পুলিচৰ সন্মুখীন বিহালীৰ মহিলা 

গহপুৰৰ পৰা মাত্ৰ ২৫ কি:মি: দুৰত্বৰ বিহালীৰ ৰৌমাৰী গাঁৱত বন্ধন গোটৰ ঋণ লৈ পৰিশোধ নকৰাৰ অভিযোগত এগৰাকী মহিলাক মৰিয়াই আধামৰা কৰিছে গাওঁখনৰে একাংশ মহিলাই । ঘটনা সন্দৰ্ভত মৰমী বৰা, জিনা বৰা, ববী ৰাজখোৱা, জোনালী ৰাজখোৱা, মৌচুমী শইকীয়া আৰু ৰূপা বৰাক গ্ৰেপ্তাৰ কৰা হৈছে ৷ বুধবাৰে ঘটা ঘটনাটোৰ ভুক্তভোগীগৰাকীক ইতিমধ্যে বিহালী আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে যদিও মহিলাগৰাকীয়ে তেওঁক কৰা আক্ৰমণৰ ফলত কাণেৰে নুশুনা হোৱা বুলি অভিযোগ কৰিছে।

bihali

ভুক্তভোগীগৰাকীৰ পৰিয়ালৰ মতে গাঁৱৰ মহিলা মৰেল পুলিচৰ দলটোৱে মহিলাগৰাকীক বাঁহেৰে আক্ৰমণ কৰিছিল। আক্ৰমণত মহিলাগৰাকীয়ে মুখমণ্ডলতো আঘাত পাইছে৷ ঘটনাটো সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে বিহালী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ বিপৰীতে মহিলাগৰাকীৰ ওপৰতো গাঁৱৰ মহিলাসকলে ঋণ পৰিশোধ নকৰি পলাই থকা বুলি অভিযোগ কৰি এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ বিহালী আৰক্ষীয়ে দুয়োপক্ষৰে অভিযোগৰ ভিত্তিত ১০১/১৮ আৰু ১০২/১৮ নম্বৰৰ দুটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

অভিযোগ অনুসৰি দৰিদ্ৰ মহিলাগৰাকীয়ে গোটটোৰ পৰা ৬০ হাজাৰ টকা সুদলৈ লৈ কিস্তি পৰিশোধ নকৰি ‘পলাই আছিল’।
বুধবাৰে গোটটোৰ একাংশ মহিলাই ঋণগ্ৰস্থ মহিলাগৰাকীক হঠাৎ দেখা পাই ধৰি আনি গাঁৱৰ নামঘৰৰ সন্মুখত বিদ্যুতৰ খুঁটা এটা বান্ধি মুখত কঁলা ছাই আৰু চূণ সানি, ছুলি কাটি মাৰধৰ কৰি পিছত গোটেই গাঁওখনত সমদল কৰি ঘূৰায় ৷

Your Comments