নাৰায়ণপুৰ-মাজুলী সীমান্তৱৰ্তী ন-শালপোনা গাঁৱৰ নতুন চকলা সত্রৰ গৃহ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখযোগ্য যে সত্রৰ মণিকূট আৰু কীৰ্ত্তন ঘৰ নিৰ্মাণৰ নামত আবণ্টন কৰা হৈছিল সৰ্বমুঠ দহ লাখ টকা ৷ নিৰ্মাণকাৰ্য আৰম্ভ কৰা দিনা ৰাইজৰ উপস্থিতত মাজুলী প্ৰশাসনে প্ৰাককলন অনুযায়ী মণিকূটৰ দীৰ্ঘ ১৬ মি: আৰু প্ৰস্থ ১১ মিটাৰ বুলি ৰাইজক আগত অৱগত কৰিছিল ৷
আনহাতে কীৰ্তন ঘৰৰ দীৰ্ঘ ২২ মি: আৰু প্ৰস্থ ১৬ মি: বুলিও উল্লেখ কৰিছিল ৷ পৰৱৰ্তী সময়ত চৰকাৰী হিচাপতকৈ বহু সৰুকৈ সত্রৰ গৃহ নিৰ্মাণ কৰা হয় ৷ এই কাৰ্যত অঞ্চলটোৰ লোকসকল ক্ষুদ্ধ হৈ পৰিছে ৷ আনহাতে নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷ ৰাইজৰ দাবী ঠিকাদাৰে আৰু সত্রাধিকাৰ দুৰ্নীতিত জড়িত হৈছে ৷ নিৰ্মাণ কাৰ্য অনতি বিলম্বে বন্ধ কৰি দুৰ্নীতিৰ তদন্তৰ দাবী জনাইছে ৰাইজে ৷
- Log in to post comments
- 9 views