চেঙাত ৰুবেলা ছিটাকৰণৰ পাছতে অসুস্থ দুগৰাকী ছাত্ৰী

চেঙাত ৰুবেলা ছিটাকৰণৰ পাছতে অসুস্থ দুগৰাকী ছাত্ৰী

ৰুবেলা ছিটাকৰণকলৈ পুনৰ শংকিত হৈ পৰিছে একাংশ ৰাইজ । সন্দেহ ঘনীভূত হৈ আতংকিত হৈ পৰিছে ৰুবেলাৰ পাৰ্শ্বক্ৰিয়াকলৈ । উল্লেখ্য যে আজি চটলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বহুমুখী স্বাস্থ্য কৰ্মী(পুৰুষ) আৰু নাৰ্চৰ এটি দল ৰুবেলা ছিটাকৰণৰ বাবে উপস্থিত হৈছিল গাদেশালী পাম এম ই মাদ্ৰাছাত । দলটোৱে মাদ্ৰাছাখনৰ ছাত্ৰীসকলক উল্লিখিত ৰুবেলা ছিটাকৰণ প্ৰদানৰ পাছতে হঠাতে অসুস্থ হৈ পৰে দুগৰাকীকৈ ছাত্ৰী।মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক ইমদাদ খানে উল্লেখ কৰা মতে  ছিটাকৰণৰ কিছু সময় পাছতে দুগৰাকী ছাত্ৰী চটফটাবলৈ আৰম্ভ কৰে । 

ইয়াৰে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী আইমনা বেগম আৰু আনগৰাকী হ'ল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কৰিমণ নেচা । আইমনা বেগম কিছু সময়ৰ পাছত অলপ সুস্থ হৈ উঠাৰ ব্যতিৰেকে আনগৰাকী ছাত্ৰী কৰিমণ নেচাক সংকটজনক অৱস্থাত চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি  কৰোৱা হয়  । ইফালে মাদ্ৰাছাখনত ৰুবেলা ছিটাকৰণৰ পাছতে ছাত্ৰী দুগৰাকী অসুস্থ হৈ পৰাত ছিটাকৰণকলৈ আতংকিত তথা শংকিত হৈ পৰিছে অঞ্চলটোৰ একাংশ ৰাইজ ।

Your Comments