লখিমপুৰ জিলাৰ নাৰায়ণপুৰ সমবায় সমিতিত সংঘটিত হৈছে ভয়ংকৰ জালিআতিৰ ঘটনা । সমবায় সমিতি খনৰ সচিব মাখন বৰুৱাৰ ছত্ৰছায়াত সংঘটিত হৈছিল জালিআতি । সচিব গৰাকীৰ বিৰোদ্ধে ৬ লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ এজেন্ট সন্থাৰ ৷ এজেন্ট সন্থাৰ এজাহাৰৰ ভিত্তিত আজি নাৰায়ণপুৰ আৰক্ষীয়ে ১৬৭/১৮ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬ নম্বৰৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে সমবায় সমিতিখনৰ সচিব মাখন বৰুৱাক ।
এজেন্ট সকলৰ অভিযোগ সমবায় সমিতি খনৰ সচিব মাখন বৰুৱাই বিগত '১০ চনৰ পৰা এজেন্ট সকলে পাব লগা ৬ লাখ ৩০ হাজাৰ টকা আত্মসাৎ কৰে ।
উল্লেখ্য যে সমবায় সমিতিখনৰ আজি নিৰ্বাচন অনুস্থিত হৈছে । নিৰ্বাচনৰ দিনাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰবৰণ কৰিব লগা হোৱা ঘটনাই নাৰায়ণপুৰৰ লগতে সমগ্র জিলা খনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে থানাৰ ভিতৰতে সচিব মাখন বৰুৱাই উক্ত টকাৰ চেক এজেন্ট সন্থাৰ হাতত দিব খোজে যদিও এজেন্ট সন্থাই সেই কথা মানি ল'ব খোজা নাই । ফলত থানাখনটো এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় । বাতৰি প্ৰেৰণ কৰা সময়লৈকে নাৰায়ণপুৰ আৰক্ষীয়ে সচিব মাখন বৰুৱাক সোধা পোচা অব্যাহত ৰাখিছে ৷
- Log in to post comments
- 29 views