সমগ্ৰ দেশৰ লগতে গুৱাহাটীটো আজিৰ পৰা আৰম্ভ হ'ল গণেশ চতুৰ্থী 

puja

দেশৰ আন আন ঠাইৰ লগতে গুৱাহাটীটো উলহ মালহেৰে পালন কৰা হৈছে গণেশ চতুৰ্থী। পুৱাৰ ভাগৰে পৰা বৰ্তমান লৈকে গণেশ মন্দিৰ সমূহত ভক্তৰ লানি নিছিগা সোত দেখা পোৱা গৈছে। ভক্ত সমূহে বিঘ্নহৰ্তাক আগবঢ়াইছে পূজা- অৰ্চনা । মহানগৰীৰ গণেশগুৰি, লতাশিলৰ লগতে লালগণেশটো চাৰি দিনীয়াকৈ আয়োজন কৰা হৈছে গণেশ চতুৰ্থী । লালগণেশৰ পূজা কমিটিয়ে জানিব দিয়ে যে এইবাৰৰ তেওঁলোকৰ বাজেট ৭ লাখ টকা। আনহাতে তেওঁলোকে মূল প্ৰৱেশ দুৱাৰৰ পৰা পূজা মণ্ডপ লৈকে ৭০০ ছাতিৰে এক ব্যতিক্ৰমী ৰূপত সজাই তুলিছে পূজা মণ্ডপটি । সকলোৱে নিজৰ মনোকামনা পূৰণৰ অৰ্থে উপস্থিত হৈছে লালগণেশকে ধৰি গণেশগুৰি আৰু লতাশিল স্থিত গণেশ মন্দিৰৰ পূজা মণ্ডপত ।

Your Comments