মাজুলীত পুনৰ প্ৰসূতি মহিলাই আধা বাটতে জন্ম দিলে সন্তান

মাজুলীত পুনৰ প্ৰসূতি মহিলা ই আধা বাটতে জন্ম দিলে সন্তান

স্বাস্থ্য বিভাগৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবিক উদঙাই দি আজি মাজুলীত আইমনি নৰহ নামৰ প্ৰসূতিগৰাকীয়ে আধা বাটতে কৰুণভাৱে এটি পুত্ৰ সন্তান জন্ম দিয়ে । জানিব পৰা মতে লখিমপুৰ জিলাৰ লোহিত খাবলু গাওঁ পঞ্চায়তৰ পাঠৰিচুক নামৰ গাওঁখনৰ নিবাসী পুলিন পায়েঙৰ কন্যা তথা প্ৰসূতি মহিলা আইমনি পায়েং নৰহে স্বাস্থ্য পৰীক্ষাৰ বাবে গড়মূৰ পীতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসালয়লৈ গৈছিল । স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকৰ পৰামৰ্শমতে ঘৰলৈ বুলি ঘুৰি আহোতে লোহিত নৈৰ পাৰঘাটৰ ওচৰতে এই ঘটনা সংঘটিত হয় । ইয়াৰ পিছত প্ৰসূতি আৰু কেচুৱাটি বিধ্বস্ত যাতায়তৰে চাইকেলত উঠাই গড়মূৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰোৱা হয় । বৰ্তমান প্ৰসূতি তথা পুত্ৰ সন্তানটি সুস্থ হৈ আছে বুলি জানিব পৰা গৈছে । উল্লেখ যে ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ।

Your Comments