যোৱা ১০ ছেপ্তেম্বৰত কংগ্ৰেছ দলে আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্মথনত ওলাই অহা জ্যেষ্ঠ কংগ্ৰেছী নেতা অৰ্ধেন্দু কুমাৰ দে'ক বিজেপি কৰ্মীয়ে শাৰীৰিকভাৱে অাক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত দোষীক শাস্তি প্ৰদানৰ দাবীত আজি হোজাই জিলা কংগ্ৰেছ দলে শংকৰদেৱ নগৰৰ উপাযুক্ত কাৰ্য্যলয়ৰ সম্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে | জিলাখনৰ বিভিন্ন প্ৰান্তৰপৰা সমবেত হোৱা প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে জিলা উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে |
বিজেপি মূৰ্দাবাদ, বিজেপিৰ গুণ্ডামী নচলিব, কংগ্ৰেছ দল জিন্দাবাদ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰে কংগ্ৰেছ দলে | লগতে ৰাফেল বিমান ক্ৰয় কেলেংকাৰীৰো জেপিচি গঠনৰ দাবীত শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীসকলে | তীব্ৰ প্ৰতিবাদৰ অন্তত প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে হোজাই জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ দুয়োটা বিষয় সন্দৰ্ভত দুখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
- Log in to post comments
- 6 views