অসম গণ পৰিষদ দলৰ এসময়ৰ দুৰ্গ স্বৰূপ কলাইগাঁৱত সমষ্টি ভিত্তি এক দিহা নাম প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ দলটোৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কলাইগাঁও বিধানসভা সমষ্টি সমিতিয়ে ৷ ২২ আৰু ২৩ ছেপ্টেম্বৰত দুদিনীয়াকৈ কলাইগাঁও পৰিদৰ্শন বাংলো প্ৰাঙ্গণত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি জানিব দিছে উদ্যোক্তা সমিতিয়ে ৷ আগন্তুক লোক সভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত এনেদৰে দিহানামৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অগপ সাংগঠনিক ভেটি মজবুত কৰাৰ এক কৌশল ৰচনা কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে ।
উদ্যোক্তাসকলে জনোৱা অনুসৰি ২২ আৰু ২৩ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া দিহা নাম প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব বিচৰা নামতী দলসমুহে ২০১ টকা ভৰ্ত্তি মাচুল দিব লাগিব ৷ ১০ৰ পৰা ১৫ গৰাকীৰ ভিতৰত গঠিত দলেহে উক্ত প্ৰতিযোগিতাত কৰিব পাৰিব ৷ নামসমুহ কৃষ্ণ নাম অথবা শ্ৰীমন্ত শংকৰ-মাধৱৰ নাম হোৱাৰ লগতে নিৰ্দিষ্ট ১৫ মিনিত সময় পৰিৱেশন কৰিব পাৰিব ।
প্ৰতিযোগিতাত প্ৰথম বিবেচিত হোৱা দলক ১০০০১ টকা, দ্বিতীয় দলক ৭০০১ টকা আৰু তৃত্বীয় দলক ৫০০১ টকা পুৰস্কাৰ প্ৰদান কৰিব । আনহাতে শ্ৰেষ্ঠ নাগৰু আৰু শ্ৰেষ্ঠ নামতীক ১০০১ টকাকৈ পুৰস্কাৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে অসম যুৱ পৰিষদ কলাইগাঁও সমষ্টি সমিতিৰ সভাপতি নৱ কুমাৰ ডেকা আৰু সম্পাদকদ্বয় সোনেশ্বৰ বৰুৱা আৰু হীৰেন নাথে ৷
- Log in to post comments
- 33 views