উত্তৰ শালমাৰা জিলা সমিতিৰ অভয়াপুৰীস্থিত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত পুৱা ১১ৰ পৰা ১ বজালৈকে আমছুৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ বাবে ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া তালিকা ‘এ’ত সন্নিবষ্ট ১৫ ৰ প্ৰকাৰৰ নথিৰ ৫ প্ৰকাৰৰ নথি অগ্ৰাহ্য কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ বিৰুদ্ধে আজি এই প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোৱে । হাজেলাৰ আবেদন প্ৰত্যাহাৰ লগতে আৰু এন আৰ চি ত নাম অন্তৰ্ভুক্তি নোহোৱাৰ কাৰণ ৰাইজক সঠিক ভাবে জনাবলৈ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী জৰিয়তে সংগঠনটোৱে দাবী উত্থাপন কৰে ।
- Log in to post comments
- 4 views