৯ দিনত ভৰি দিলে ১০৮ ,১০২ আৰু ই আৰ অ’ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদে । কিন্তু তাৰ পিছতো গা নলৰিল জি ভি কে কৰ্তৃপক্ষ আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ। উল্লেখ্য যে আজি উক্ত প্ৰতিবাদকাৰী সকলে মহানগৰীৰ খ্ৰীষ্টানবস্তি স্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মুখ্য কাৰ্যালয়ৰ সম্মুখত পুৱা ১১ বজাৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে জি ভি কে ৰ সৈতে স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কমিছনৰ অংক থকাৰ বাবে ৯ দিন উকলি যোৱাৰ পাছতো স্বাস্থ্য বিভাগে এই সকল জৰুৰীকালিন ১০৮ আৰু১০২ কৰ্মচাৰী সকলৰ দাবী সমূহ মানি ল'ব পৰা নাই ।
তেওঁ লগতে কয় যে চৰকাৰ খনৰ জনতাৰ কথা শুনাৰ সময় নাই । বৰঞ্চ চৰকাৰখনৰ কথা হে জনসাধাৰণে শুনিব লাগে। উক্ত প্ৰতিবাদতে তেওঁ প্ৰতিবাদকাৰী সকলক আদালতৰ দ্বাৰস্থ হ'বৰ বাবে আহ্বান জনায়। প্ৰতিবাদকাৰী সকলে স্বাস্থ্য মন্ত্ৰী গ' বেক, আমাৰ দাবী মানিবই লাগিব, স্বাস্থ্য বিভাগ হুচীয়াৰ ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে এন এইচ এম ৰ কাৰ্যালয় ।
প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ স্থলীৰ পৰা জনোৱা দাবী সমূহ হ’ল ক্ৰমে কৰ্মৰ সময় ১২ ঘণ্টাৰ পৰিবৰ্তে ৮ ঘণ্টা কৰা, ২০০৮ চনৰ পৰা ২০১৪ চনলৈ কৰ্মচাৰী সকলক প্ৰদান কৰি অহা দৰমহাৰ বাৰ্ষিক বৃদ্ধি আৰু ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত জি ভি কে ই এম আৰ আই -এ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া ধন সমূহ মুকলি কৰি দিয়া, তেওঁলোকৰ কৰ্মৰ অনুপাতে প্ৰাপ্য মজুৰি আদায় দিয়া ইত্যাদি । উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰী য়ে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 7 views