নগাঁৱৰ  ধিঙত  উষ্ম  অভিনন্দন  

নগাঁৱৰ  ধিঙত  উষ্ম  অভিনন্দন  

ইন্দোনেছিয়াৰ  জাৰ্কাটাত  সদসমাপ্ত এছিয়ান গেমছত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা হিমা দাসক মংগলবাৰে নগাঁৱৰ ধিঙত বিভিন্ন  ৰাজনৈতিক, অৰাজনৈতিক  দল, সংগঠন, শিক্ষানুষ্ঠান তথা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন  কৰে । ধিং  মহাবিদ্যালয়ৰ  প্ৰেক্ষাগৃহত অনুষ্ঠিত  অভিনন্দন  অনুষ্ঠানত অংশগ্ৰহণ কৰি  হিমা দাসে কয় যে এসময়ত শেৱালি কবি ৰত্নকান্ত  বৰকাকতীয়ে ধিঙক প্ৰতিষ্ঠা কৰিছিল আৰু আজি মই খেলৰ জৰিয়তে ধিঙক পুনৰ প্ৰতিষ্ঠা  কৰাৰ  প্ৰয়াস  কৰিছোঁ ।

ৰাজ্যখনক  গীতৰ  জৰিয়তে  বিশ্বৰ  বুকুত  প্ৰতিষ্ঠা কৰা সুধাকণ্ঠ  ডঃ ভূপেন  হাজৰিকা "ধিং এক্সপ্ৰেছ" হিমা দাসৰ  হৃদয়ত  থকাৰ  কথা  কৈ  জগতগুৰু  শ্ৰীমন্ত  শঙ্কৰদেৱৰ পবিত্ৰ জনমভূমি আৰু আদিলীলা  ভূমি তথা আলিপুখুৰী পাটেকেবড়ী আৰু বটদ্রৱাৰ মধ্যস্থলত ধিঙত জন্মগ্ৰহণ কৰি নিজকে ধন্য হোৱা  বুলি  কয় । ইপিনে  হিমা দাসক  প্ৰায়  ৪-৫ মাহৰ  পিছত  লগ  পাই  শত-সহস্ৰজন  আত্মহাৰা হৈ পৰা পৰিলক্ষিত  হয় । সকলোৱে  কেৱল  "হিমা-হিমা-হিমা" ধ্বনিৰে  ধিঙৰ আকাশ-বতাহ  মুখৰিত  কৰি  তোলে  ।

 সম্বৰ্ধনা  জ্ঞাপন  কৰা  বক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানে হিমাক গামোচা, শৰাই, জাপি তথা অভিনন্দন পত্ৰৰে শুভেচ্ছা জনায় । প্ৰায়  তিনি  সহস্ৰাধিক  লোকে অংশগ্ৰহণ  কৰা অনুষ্ঠানত সকলোকে ধন্যবাদ  জ্ঞাপন  কৰি জাতীয়  সংগীতেৰে ভাষণ সামৰি দৌৰৰাণী হিমা স্বগৃহ অভিমুখে ৰাওনা হয় ।

Your Comments