নগাঁৱত দহগৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা 

nagaon

"শিক্ষকসকল সমাজৰ ধৰণী । তেওঁলোকে সমাজখনক আগুৱাই নিয়াত মুখ্য ভুমিকা গ্ৰহণ কৰে ।"- এই মন্তব্য ৰটাৰী ক্লাৱৰ প্ৰাক্তন গভৰ্ণৰ তথা মেগালয়ৰ প্ৰাক্তন মন্ত্ৰী পদ্মশ্ৰী মানস চৌধুৰীৰ । আজি ৰটাৰী ক্লাব নগাঁৱৰ উদ্যোগত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি চৌধুৰীয়ে শিক্ষকসকলক সমাজৰ দাপোন বুলি অভিহিত কৰি দেশৰ ভৱিষ্যত প্ৰজন্মক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিবলৈ আহ্বান জনায় । লগতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলকো নিজৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্যৰাখি কঠোৰ শ্ৰমত ব্ৰতী হ'বলৈ আহ্বান জনায় ।

ৰটাৰীয়ান অমিত মৌৰে আতঁ ধৰা অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অধ্যাপক ড: চিন্তামনি শৰ্মা, অধ্যক্ষা দিপিকা লস্কৰ, শিক্ষাবিদ দিলীপ বৰা আৰু ক্লাৱৰ সহকাৰী গভৰ্ণৰ সঞ্জীৱ গুজৰানীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ৰটাৰী ক্লাৱৰ সভাপতি জোন ৰাজখোৱাই সভাপতিত্ব কৰা অনুষ্ঠানতোত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ দহগৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।

সম্বৰ্ধিত শিক্ষক-শিক্ষয়িত্ৰী সকল হ'ল - দিপালী বিশ্বাস, মমিতা পাল, মিনাক্ষী বৰা, নিৰ্মলেন্দু পাল, দীপক গিনৰীয়া, কবিতা বৰা, ৰেখাশ্ৰী হাজৰিকা, অৰুনীমা বৰা, গুনীন্দ্ৰ চক্ৰৱৰ্তী আৰু জয়ন্ত শ‌ইকীয়া । এইসকল শিক্ষক-শিক্ষয়িত্ৰীক গামোচা, চেলেং চাদৰ, শৰাই, প্ৰশংসা-পত্ৰ, স্মাৰক-পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয় ।

Your Comments