প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেল ইণ্ডিয়াৰ ধাৰণাৰে সমগ্ৰ ভাৰতবৰ্ষ খনক প্ৰযুক্তি সমৃদ্ধ ভাৰতবৰ্ষ কৰিব বিচৰাৰ সময়তে তেওঁৰ মন্ত্ৰী সভাৰে কেন্দ্ৰীয় ৰেল ( ৰাজ্যিক) মন্ত্ৰী ৰাজেন গোহাঁই য়ে এজন কবিৰাজৰ ঘৰ বিচাৰি ৰঙিয়া পোৱা কথাই সকলোৰে মাজত আমোদৰ সৃষ্টি কৰিছে।
ৰঙিয়াৰ পাৱাৰ হাউচ চ'কৰ ফজল ওজা নামেৰে পৰিচিত কবিৰাজ এজনৰ ঘৰত কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে আজি পুৱাতেই বৃহৎ কনভয় লৈ উপস্থিত হয়। কোনো খা খবৰ অবিহনেই এজন কেন্দ্ৰীয় মন্ত্ৰীৰ ৰঙিয়াত উপস্থিতিয়ে স্বাভাৱিকতেই উৎকণ্ঠীত কৰি তোলে দলীয় কৰ্মী, সাংবাদিক তথা সাধাৰণ ৰাইজক। মন্ত্ৰীৰ উপস্থিতিৰ ঠিক পিছে পিছেই সাংবাদিকৰ দল কবিৰাজৰ ঘৰত উপস্থিত হোৱাত, সাংবাদিকৰ উপস্থিতিৰ উমান পাই মন্ত্ৰী গৰাকীয়ে অকণো সময় বিলম্ব নকৰি তৎমুহূৰ্ততে গাড়ীত উঠি উক্ত স্থান ত্যাগ কৰে ।
মন্ত্ৰীগৰাকীৰ প্ৰস্থানৰ পিছতেই কবিৰাজ ফজলৰ পৰা জানিব পৰা মতে মন্ত্ৰীগৰাকীয়ে জৰাফুঁকা কৰি গাত পানী চটিয়াই দিয়া বুলি জানিবলৈ দিয়ে। দীৰ্ঘ দিন ধৰি মন্ত্রী গৰাকীয়ে ভুগি অহা প্ৰেচাৰৰ চিকিৎসাৰ বাবেই মূলতঃ তেওঁৰ ওচৰলৈ মন্ত্ৰী গৰাকী অহা বুলি কবিৰাজ ফজলে জানিব দিয়ে যদিও ইয়াৰ অন্তৰালত মন্ত্ৰী গৰাকীয়ে নিজৰ ভৱিষ্যত দিন ভাল কৰাৰ কিবা দৈৱিক প্ৰতিকাৰৰ সন্ধান কৰা বুলিহে এতিয়া সৰ্বত্ৰে চৰ্চ্চা চলা পৰিলক্ষিত হৈছে ।
এফালে অতি তাৎপৰ্যপূৰ্ণভাবে কবিৰাজ গৰাকীয়ে পানী জাৰি তেওঁৰ গাত ছটিয়াই দিয়াৰ লগেই মন্ত্ৰী গৰাকীয়ে যথেষ্ঠ আৰাম অনুভৱ কৰা বুলিও এক সূত্ৰই জানিব দিয়ে। ৰঙিয়া ৰেল ডিভিজনৰ সমস্যাৰ ক্ষেত্ৰত এদিনো কোনো গুৰুত্ব দিবলৈ সময় নথকা এই মন্ত্ৰী গৰাকীয়ে এনেকৈ এজন অখ্যাত কবিৰাজ বা জৰাফুঁকা কৰা লোকক বিচাৰি ৰঙিয়াত আহি উপস্থিত হোৱা কথাটো সচেতন লোক সকল সহজ ভাবে নোলোৱাৰ লগতে আন একাংশ লোকক হাঁহিৰ খোৰাক দিয়াও পৰিলক্ষিত হৈছে।
- Log in to post comments
- 165 views