যিসময়ত অসমৰ ৰেল যাত্ৰীৰ সুৰক্ষাক লৈ প্ৰতিমূহুৰ্ততে প্ৰশ্ন উত্থাপিত হৈ আহিছে সেই সময়তে যেন ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ৰেল সেৱাত ৷ মানৱ সৰবৰাহ, চুৰি, ডকাইতি,ধৰ্ষণ, হত্যা আদি বহু ঘটনাই সংঘটিত হৈ আহিছে যাত্ৰীবাহি ৰেলসমূহত ৷
উল্লেখ্য যে,কামাখ্যাৰ পৰা মুৰ্কংচেলেক অভিমুখী লাচিত এক্সপ্ৰেছ নামৰ যাত্রীবাহি ৰেল খনত যাত্ৰীৰ পৰিবৰ্তে ডবা সমুহত সৰবৰাহ হয় চোৰাং সামগ্ৰী ভৰ্তি বস্তা । ফলত টিকট সংগ্ৰহৰ পিছতো যাত্ৰী সকলে নিজৰ আসন খন বিছাৰি হাহাকাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হয় ৷ দীৰ্ঘদিনৰে পৰা উথ্বাপিত হৈ অহা অভিযোগৰ ভিত্তিত এই প্ৰতিবেদক সহ এটা সাংবাদিকৰ দল যোৱা নিশা নাৰায়ণপুৰৰ তাঁতিবাহাৰ ৰেল ষ্টেচনত উপস্থিত হৈ দেখা পোৱা গ'ল ৰেল বিভাগৰ উক্ত কুকাৰ্য ।
শীত-তাপ নিয়ন্ত্ৰীত দবা কেইটাৰ বাহিৰে আন প্ৰতিটো দবাতেই দেখা পোৱা গ'ল অবৈধ কাৰ্যকলাপ । য'ত দৃষ্টিগোছৰ হ'ল যাত্রী উঠিব বহিব নোৱাৰাকৈ সামগ্ৰী ভৰ্তি বস্তা৷ দীৰ্ঘদিন ধৰি চলি অহা এই অবৈধ কাৰ্যকলাপৰ ফলত অসহ্যকৰ হৈ পৰাত যাত্রীসকলে ৰেল আৰক্ষীক বাৰম্বাৰ অভিযোগ উত্থাপন কৰাৰ পিছতো চকু মুদা কুলিৰ ভাওঁহে ধৰি আহিছে ৰেল আৰক্ষীয়ে ।
আনহাতে ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকৰ দলটোক ফটো সংগ্ৰহটো বাধা প্ৰদান কৰাৰ লগতে কেমেৰা পৰ্যন্ত ভাঙি পেলোৱাৰ ভাবুকি প্ৰদান কৰে ৰেল আৰক্ষীৰ জোৱানে ৷ ৰেল আৰক্ষীৰ এনে কৰ্মকাণ্ডই প্ৰমাণ কৰি দেখুওৱালে চোৰাং সৰবহৰাহকাৰীৰে ৰেল আৰক্ষীৰ থকা গোপন সম্পৰ্কৰ কথা ।
যি সময়ত পৰিবৰ্তনৰ শ্ল'গানেৰে ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্রী ৰাজেন গোহাঁইয়ে সাধাৰণ যাত্রীৰ বাবে ৰেল সেৱা সুৰক্ষিত বুলি বিভিন্ন সময়ত দম্ভালি মাৰি আহিছে সেই সময়তে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ৰেল সেৱা পৰ্যবসিত হৈছে চোৰাং সবৰাহকাৰীৰ ঘাটিলৈ ৷ এতিয়া প্ৰশ্ন হয় এই ক্ষেত্ৰত মন্ত্ৰী ৰাজেন গোহাঁইয়ে কিবা পদক্ষেপ গ্ৰহণ কৰিব পাৰিবনে ।
- Log in to post comments
- 20 views