ইতিহাসত সোণালী আখৰে স্বাক্ষৰ বহন কৰা ঐতিহাসিক চৰাইদেউৰ মৈদামস্হলী বেদখলমুক্ত কৰাৰ লগতে ইয়াৰ সংৰক্ষণ আৰু সৌন্দৰ্যবদ্ধন কৰাৰ দাবীত সদৌ তাই আহোম ছাত্র সন্হা, চৰাইদেউ জিলা সমিতি, চৰাইদেউ মহকুমা ছাত্র সন্হা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চৰাইদেউ জিলা সমিতি, টাই-আহোম যুৱ পৰিষদ, অসম চৰাইদেউ জিলা সমিতিৰ যৌথ উদ্যোগত চৰাইদেউ মৈদাম স্হলীত তিনিঘণ্টীয়া অৱস্হান ধৰ্মঘট কৰে ।
উল্লেখ্য যে দাৰ্জিলিং টী কোম্পানীৰ মালিকানাধীন চৰাইদেউ পৰ্বত চাহ বাগিচা কৰ্তৃপক্ষই বিগত কুৰি বছৰ কাল বেদখল কৰি চাহ খেতি কৰি থকা পৰিলক্ষিত হৈছে । ইফালে চৰাইদেউ জিলা প্ৰশাসনে লক্ষাধিক গছপুলি ৰোপনৰ জৰিয়তে মৈদাম স্থলীক সংৰক্ষিত এলেকাটোত ১৪৪ ধাৰা জাৰি কৰাৰ পাছতো প্ৰশাসনৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰোপন কৰা গছপুলি কাটি, উভালি উক্ত স্থানত চাহপুলি ৰোপন কৰাৰ পিছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যত ৰহস্যৰ গোন্ধ পোৱা গৈছে ।
যদিহে অৱস্থান ধৰ্মঘট কৰাৰ পিছতো চৰাইদেউ প্ৰশাসনৰ গা-নলৰে তেতিয়া হ'লে জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও, কৰি অনিৰ্দিষ্টকালীন ঐতিহ্যথলী তলাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব । চৰকাৰ তথা জিলা প্ৰশাসনে জাতীয় স্বাৰ্থজড়িত বিষয়টোত গুৰুত্ব নিদিলে জিলাখনৰ আন দল-সংগঠন তথা ৰাইজৰ সহযোগত চাৰিওটা সংগঠনে কঠোৰৰপৰা কঠোৰতম কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি তীব্ৰ ভাষাৰে হুংকাৰ প্ৰদান কৰে ।
- Log in to post comments
- 6 views