বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখনি সংবাদ মেলত এই কথা সদৰী কৰে ৰাম সেনা, অসম । সংবাদ মেলখনত অসমৰ ধিং, মৈৰাবাৰী, খাৰুপেটীয়া আৰু জনীয়াত এই ৰাম মন্দিৰ নিৰ্মান কৰা হ'ব বুলি জনায় । আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুৰ্নীতি আৰু অনিয়মৰ কথা উল্লেখ কৰি সিদ্ধাৰ্থ শৰ্মাই জনায় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ডঃ মৃদুল হাজৰিকাই ১৭/৮/২০১৮ তাৰিখে অৱসৰ লোৱাৰ পিছতো বৰ্তমান লৈকে উপাচাৰ্য হৈ আছে ।
কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ Act, 1947 ত এনে কোনো ব্যৱস্থাপনা নাই । Act খনৰ clouse 8A 6 নম্বৰ দফাত লিখা আছে যে যদি কোনো কাৰণত অস্থায়ীভাৱে উপাচাৰ্যৰ পদ খালী হয় তেতিয়া Chancellor মহোদয়ে নিজৰ বিবেচনা অনুসৰি অন্য ব্যৱস্থা কৰিব পাৰে ।
কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কাৰ্যকাল শেষ হোৱা উপাচাৰ্য গৰাকীক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে কাম কৰি যোৱাৰ অনুমতি প্ৰদান কৰিব পাৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে মৃদুল হাজৰিকাক পুনৰ নিযুক্তি দি আইন খনৰ উলংঘনা কৰা দেখা যায় বুলিও তেওঁ মন্তব্য কৰে। সংবাদমেলখনত সিদ্ধাৰ্থ শৰ্মাৰ লগতে ৰাম সেনা, অসমৰ আন সদস্যও উপস্থিত থাকে ।
- Log in to post comments
- 46 views