মঙলবাৰে দৰঙৰ দুনীত ৫ কাৰ্টন বিলাতী সুৰাসহ তিনি সুৰা ব্যৱসায়ীক আটক কৰা হয় ।
বুঢ়া আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমল ৰয়ৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে গোপন সূত্ৰৰ পমখেদি দিপীলাত এ এছ-১৩ ৮৯৪০ নম্বৰৰ এখন অল্ট' গাড়ীত তালাচী চলাই উদ্ধাৰ কৰে এই বিলাতী সুৰাখনি ।
সুৰা ব্যৱসায়ীজনৰ তথ্যৰ ভিত্তিত দুনীৰ যোগেন বৰুৱাৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে ৫ কাৰ্টন বিলাতী সুৰা ।
লগে লগে বুঢ়া আৰক্ষীয়ে সুৰাখিন আৰু বিলাতী সুৰা কঢ়িয়াই অনা অল্ট' গাড়ীখন জব্দ কৰে ।
আনহাতে, সুৰা ব্যৱসায়ী দুনীৰ যোগেন বৰুৱা, মঙলদৈৰ মইনুল হুছেইন আৰু ৰাণা দাসক আটক কৰে আৰক্ষীয়ে ।
উল্লেখ্য যে পশ্চিম দৰঙত বহুদিনৰ পৰা বিলাতী সুৰাৰ অবৈধ ব্যৱসায় চলাই আহিছিল আবকাৰী বিভাগৰ ছত্ৰছায়াত ।
বৃহৎ ধনৰ বিনিময়ত আবকাৰী বিভাগক মেনেজ কৰি চলাই আহিছিল বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় ।
বুঢ়া আৰক্ষীৰ অভিযানত তিনিজন সুৰা ব্যৱসায়ী আটক হোৱাত সচেতন লোকসকলে বুঢ়া আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে ।
- Log in to post comments
- 40 views