আজি ৰঙিয়াৰ ঐতিহ্য মণ্ডিত কৃষক শ্বহীদ ভৱনত নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে ৰাফেল যুদ্ধ বিমান কেলেংকাৰীৰ ক্ষেত্ৰত সংবাদ মেলৰ আয়োজন কৰে ।
সংবাদমেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ জয়নাথ শৰ্মাই কয় যে ভাৰতৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তি হিচাপে খ্যাতি অৰ্জন কৰা ৩৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ বিষয়টোৱে দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত বৃহত্তম কেলেংকাৰী ।
ফান্সৰ ডাছল্ট এভিয়েচন কোম্পানীৰ পৰা নৰেন্দ্ৰ মোডী চৰকাৰে ৩৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ বাবে যি চুক্তি সম্পাদিত কৰিছে সেই চুক্তিয়ে ৰাজহুৱা পুঁজি ধংস কৰাৰ লগতে জাতীয় স্বাৰ্থ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত ভয়ংকৰভাৱে আপোচ কৰিছে । এই চুক্তিৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ চৰকাৰী প্ৰতিষ্ঠান হিন্দুস্থান এৰোনটিক্স লিমিটেডক একাষৰীয়া কৰি জাতীয় স্বাৰ্থক বিসৰ্জন দি এটা বেচৰকাৰী কোম্পানীৰ সৈতে চুক্তি সম্পাদন কৰি মোডী চৰকাৰে প্ৰথমবাৰৰ বাবে সুহৃদয় পুঁজিবাদৰ স্বাৰ্থৰ গোন্ধ থকা অধ্যায়নৰ সূচনা কৰিছে ।
তেখেতে কয় মোডী চৰকাৰে ইচ্ছা কৃতভাৱে প্ৰকাশ কৰা নাই ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ মূল্য ।
চুক্তি সম্পাদন কৰোঁতে মোডী চৰকাৰে উলংঘা কৰিছে প্ৰতিৰক্ষা ক্ৰয় ব্যৱস্থাৰ বাধ্যতামূলক বিধান । আগতীয়াকৈ কেবিনেট সমিতিত অনুমোদন লোৱা হোৱা নাই । হিন্দুস্থান এৰোনিক্স লিমিটেডৰ পৰা বেচৰকাৰী কোম্পানীলৈ হস্তান্তৰ কৰি জাতীয় স্বাৰ্থত বিসৰ্জন দিছে । ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এইচ এ এলক অংগুষ্ঠ দেখুৱাই ৩৬ কোটি টকাৰ অফছেট ঠিকা ৰিলায়েন্সক প্ৰদান কৰি নিয়ম ভংগ কৰিছে । কিয়নো ৰিলায়েন্সৰ যুদ্ধ বিমান নিৰ্মানৰ ক্ষেত্ৰত অভিজ্ঞতা শূন্য ।
লগতে তেখেতে কয় যে ইউ পি এ চৰকাৰৰ দিনত চূড়ান্ত হৈ থকা এখন বিমানৰ দাম ৫০০শ ২৬ কোটি মূল্য নিৰ্ধাৰন কৰা হৈছিল । সেই বিমানখন ১৬শ ৭০ কোটি টকাত বিক্ৰী কৰিলে । মোডী চৰকাৰে ২০১৯ চনৰ নিৰ্বাচনৰ পুঁজি সংগ্ৰহ কৰাৰ বাবে আম্বানীৰ লগত চুক্তি কৰিছে ।
- Log in to post comments
- 26 views