আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫০ তম তিৰোভাৱ তিথি । সমগ্ৰ ৰাজ্য খনৰ লগতে নগাঁও জিলাৰ অন্তৰ্গত ডিমৌস্থিত ইমপেক্ট জুনিয়ৰ কলেজ আৰু কিডচ একাডেমী তথা বেবেজীয়া আৰ্য্য জাতীয় বিদ্যালয়তো উদযাপন কৰা হয় । আজি পুৱা শিক্ষানুষ্ঠান কেইখনত ছাত্ৰ-ছাত্ৰীসকল সমবেত হৈ ধূপ-চাকি, শৰাই-নৈবদ্য আগবঢ়োৱা লগতে গুৰুজনাৰ নাম-প্ৰসংগ পৰিবেশন কৰি হৰি নামৰ ধ্বনিৰে ডিমৌ আৰু বেবেজীয়া অঞ্চল মুখৰিত কৰি তোলে ।
ইপিনে বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, শালমৰা উচ্চ মাধ্যমিক বিদ্যালয় আদি শিক্ষানুষ্ঠানৰ লগতে অঞ্চলৰ নামঘৰ সমূহত মহাপুৰুষ জনাৰ তিৰোভাৱ পালন কৰা হয় । গুৰুজনাৰ ৪৫০ তম তিৰোভাৱ তিথি উপলক্ষে আজি বৃহত্তৰ অঞ্চলটোতে এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰে।
- Log in to post comments
- 30 views