ধলপুৰৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত তিৰোভাৱ তিথি উদযাপন

ধলপুৰৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত তিৰোভাৱ তিথি উদযাপন

অসমৰ সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা বৃহত্তৰ অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি বাৰ বৈষ্ণৱ জন্মভূমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ মহাপুৰুষ জনাৰ প্ৰতিচ্ছবিৰ সন্মুখত পুৱাতেই বন্তি প্ৰজ্বলন কৰে পুতুকন হাজৰিকা, সতেন্দ্ৰে দুৱাৰৰ তত্বাৱধানত দশমান শ্ৰেণীৰ ছাত্ৰ-ছাত্রীসকলে ৷

narayanpur

বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা গাওঁখনৰসকলো লোকে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোৱে উচ্চ-নীচ ভেদাভেদ পাহৰি ধুতি, চাদৰ-মেখেলা আদি পৰিধান কৰি ডিঙিত গামোচা লৈ পৰম্পৰাগতভাৱে নাম-কীৰ্তন কৰি মাহ-প্ৰসাদ বিতৰণ কৰে ৷ মাতৃভাৰতী গোটে দিহা নাম পৰিবেশন কৰাৰ পিছতেই নাট পৰিচালক মাধৱ শইকীয়া আৰু জীতেন শইকীয়াক সম্বৰ্ধনা জনায় বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ আচাৰ্য দীপেন বৰুৱাৰ পৰিচালনাত ছাত্ৰ সকলৰ দ্বাৰা গায়ন বায়নেৰে মঞ্চ উদ্বোধন কৰি বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ গুঞ্জন শইকীয়াই সূত্ৰ প্ৰদৰ্শন কৰাৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলে "শকুনিৰ প্ৰতিশোধ" নাটকভাগ প্ৰদৰ্শন কৰে ৷

Your Comments