আজি ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে কটন বিশ্ববিদ্যালয়ৰ "শংকৰী সমাজৰ" উদ্যোগত বিশ্ববিদ্যালয়খনৰ সুদমাৰ্চন হলত দিন যোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৪৫০ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হয় । শংকৰ গুৰুজনাৰ তিৰোভাৱ তিথি লগত সংগতি ৰাখি পুৱা ভাগত বিশ্ববিদ্যালয়খনৰ পৰা উলিওৱা হয় এক ভাগৱত শোভাযাত্ৰা । ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই ।
এই ভাগৱত শোভাযাত্ৰাত বিশ্ববিদ্যালয়ৰখনৰ ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্রীসকলেও অংশগ্ৰহণ কৰে । দিনযোৰা কাৰ্যসূচীৰে পালন কৰা এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ কৰ্মচাৰী পৰিষদ আৰু ছাত্ৰী নিৰ্বাসৰ ছাত্ৰীসকলে দিহানামৰো আয়োজন কৰে । বিয়লি ভাগলৈ গুৰুজনাৰ আদর্শ আৰু বৰ্তমান সময়ত তাৰ প্ৰসঙ্গিকতা সম্পৰ্কত এই বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰে ।
অনুষ্ঠানত বক্তা হিচাপে উপস্থিত থাকে লেখক, প্ৰৱন্ধকাৰ ময়ূৰ বৰা আৰু এক শৰণ ভাগৱতী সমাজ অসমৰ প্ৰধান সচিব জ্যোতিপ্ৰসাদ দাস । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ দিগন্ত কুমাৰ দাস আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যান সঞ্চালকালয় ডঃ মনোজ হাজৰিকা । সন্ধিয়া ভাগলৈ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী পৰিষদৰ দ্বাৰা বন্তি প্ৰজলন কৰা হয় ।
- Log in to post comments
- 14 views