আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫০ সংখ্যক তিৰোভাৱ তিথি, উখল মাখল বটদ্ৰৱা

nagaon_batadraba

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫০তম তিৰোভাৱ তিথি । পুৱাৰে পৰা এক উখল-মাখল পৰিবেশে বিৰাজ কৰিছে গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাত । হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে চৌদিশ । গুৰু বন্দনা, নাম-প্ৰসংগৰ অমিয়া ধ্বনি-প্ৰতিধ্বনিত গুঞ্জৰিত হৈ পৰিছে বটদ্ৰৱা ধাম । হাজাৰ হাজাৰ ভক্ত-বৈষ্ণৱ আৰু দৰ্শনাৰ্থীৰ সমাগমত যেন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে গুৰুজনাৰ বটদ্ৰৱা ।

batadraba

পুৱা হাজাৰ হাজাৰ ভক্ত-বৈষ্ণৱ লগতে যুৱক-যুৱতীয়ে ভিৰ কৰিলেহি বটদ্ৰৱা থানত । ধুপ-চাকি, শৰাই, নৈবদ্য আগবঢ়াই নাম কীৰ্তনত অংশ ল'লে সকলোৱে । এক পৰম আধ্যাত্মিক পৰিবেশৰ মাজত নাগাৰা আৰু দিহানাম গাই মতলীয়া হৈ পৰিল আয়তী সকলো । উল্লেখযোগ্য যে, গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বিয়লিৰপৰা বটদ্ৰৱাৰ পৱিত্ৰ আকাশী গংগাৰ পাৰত গুৰুজনা সৃষ্ট কেইবাখনো অংকীয়া নাট প্ৰদৰ্শনৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব ।

Your Comments