আজি বহু দিনৰ অন্তত গৃহাভিমুখী ভাৰত গৌৰৱ হিমা দাস বিয়লি দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত উপস্থিত হয় ৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথিৰ পবিত্ৰ দিনটোতে বিশ্ব এথলেটিকছ জগতখনত বিশেষ কৃৰ্তিত্ব অৰ্জন কৰি ধিঙৰ কান্ধুলিমাৰীৰ নিজা গৃহলৈ প্ৰত্যাবৰ্তন কৰিছে হিমা দাস ৷
দেশৰ বাবে গৌৰৱ আজুৰি আনি গৃহলৈ ওভতাৰ পথত আজি তিৰোভাৱ তিথিত শঙ্কৰগুৰুৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠখ্যাত বটদ্ৰৱা থানত সেৱা নিবেদন কৰিহে ধিঙলৈ যোৱাৰ কথা ভাৱে হিমাই ৷ বটদ্ৰৱা থানত উপস্থিত হোৱাৰ লগে লগে গুৰু কীৰ্তণ উপলক্ষে থানত সমবেত হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে আগুৰি ধৰি মৰম, আদৰ জনায় অসমী আইৰ সুযোগ্য জীয়াৰীগৰাকীক ৷
ৰাইজৰ মৰম আদৰ সাদৰেৰে গ্ৰহন কৰি এথলিটগৰাকীয়ে কীৰ্তণ ঘৰত মুৰ দোৱাঁই সেৱা জনাই আৰ্শীবাদ গ্ৰহন কৰে ৷ শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে নিৰ্মালী প্ৰদান কৰি আৰ্শীষ বানী প্ৰদান কৰে ৷ তাৰ পাছতে গুৰুজনাই ব্যৱহাৰ কৰা ঐতিহাসিক পাটনাদটোৰ কাষতে হিমা আৰু প্ৰশিক্ষকদ্বয়ে একোটিকৈ গছপুলি ৰোপন কৰে ৷
বটদ্ৰৱা থানত উপস্থিত হোৱা খেলুৱৈগৰাকীক পৰিচালনা সমিতিয়ে জাপি বাটচৰাৰ পৰা আদৰনি নিয়ে ৷ কীৰ্তন ঘৰত সেৱা জনোৱাৰ পিছত থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই আতধৰা অনুষ্ঠানত থানৰ হৈ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক সহিতে সদস্যসকলে গামোছা, শৰাই, কুহিলা কঠ, গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্দ্ধনা জনায় ৷
নগাঁওৰ পৰা বৰদোৱালৈকে সমগ্ৰ পথচোৱাত হুজগাঁও, চিলঙনি, ৰাইডঙীয়া, ভোমোৰাগুৰি, ভেটিয়নি, শান্তজান পাৰ আদিটো গুণমুগ্ধসকলে ব্যাপক উৎসাহেৰে হিমাক বিপুল সম্বৰ্ধনা জনায় ৷ বটদ্ৰৱা থানৰ পৰা সমদলেৰে হিমা দাস গৃহভূমি ধিং অভিমুখে ৰাওঁনা হয় ৷
- Log in to post comments
- 17 views