ৰাজ্যখনত বোৱাৰী হত্যা তথা আত্মহত্যাৰ দৰে ঘটনাই সঘনাই সংঘতিত হৈ থকাৰ সময়তে কলিয়াবৰৰ কুলিডুঙ্গা গাঁৱত আজি পুৱতিনিশা বাথৰুমত এগৰাকী বোৱাৰীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কলিয়াবৰত ।
প্ৰায় দুবছৰ পূৰ্বে কুলিডোঙ্গাৰ দ্বিপন পালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মৃত মহিলাগৰাকীৰ নাম অৰ্পিতা পাল ।
উলুৱনি আৰক্ষী থানা এলেকাধীন কুলিডোঙ্গাত সংঘটিত এই ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষী আৰু কলিয়াবৰ মহকুমাৰ দণ্ডাধীশ ৰিংখাং মুচাহাৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তোৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে ।
মৃত অৰ্পিতাৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, অৰ্পিতাৰ স্বামী দ্বিপন পাল আৰু শাহু দীপালি পালে পৰিকল্পিতভাৱে হত্যা কৰে অৰ্পিতা পালক । বাথৰুমত অৰ্পিতাৰ অগ্নিদগ্ধ মৃতদেহৰ ওচৰত জুইশলা আৰু কেৰচিন তেলৰ গেলেনৰ অংশ পোৱা বুলি আৰক্ষীয়ে জানিব দিয়ে ।
অন্যহাতেদি মৃতদেহৰ শৰীৰত আঘাতৰ চিন পোৱা বুলি আৰক্ষীয়ে প্ৰাথমিক তদন্তত তথ্য লাভ কৰিছে । উল্লেখ্য যে ১৪ মহীয়া এটি পুত্ৰ সন্তান আছে অৰ্পিতা পালৰ । স্বামী দ্বিপন পাল চাহাৰা বেংকৰ কৰ্মচাৰী ।
শাহু আৰু স্বামীয়ে অৰ্পিতাৰ ওপৰত প্ৰায়ে নিৰ্যাতন চলাই অহা বুলি অভিযোগ কৰিছে অৰ্পিতাৰ পিতৃগৃহৰ পৰিয়ালে ।
অৰ্পিতাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত স্থানীয় চুলুং আৰক্ষীয়ে আটক কৰে মৃত মহিলাগৰাকীৰ স্বামী দ্বিপন পাল আৰু শাহু দীপালি পালক ।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
- Log in to post comments
- 62 views