আজিৰে পৰা অহা তিনিমাহলৈ যুদ্ধ বিৰতি আলফা(স্বা)ৰ,কিন্তু কিয় পঢ়ি লওঁক

Pic

অহা তিনিমাহৰ বাবে যুদ্ধ বিৰতি ঘোষণা কৰিছে সংযুক্ত মুক্তি বাহিনী অসম,চমুকৈ আলফা(স্বা)-এ।সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি এই কথা ঘোষণা কৰিছে আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই।

Pic

'মানৱ জাতিৰ চৰম সংকটৰ সময়ত ভাৰতৰ দখলদাৰী বাহিনী আৰু অসম আৰক্ষীৰ কিছু অসাধু বিষয়াই আলফা(স্বা)ৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ কিছু গোপন অভিসন্ধি কৰা পৰিলক্ষিত হৈছে।ক'ৰ'নাজনিত অনাহুত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আলফা(স্বা)ই শনিবাৰ অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অহা তিনিমাহৰ বাবে সকলো ধৰণৰ সামৰিক অভিযান একপক্ষীয়ভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে'-বিবৃতিত এই বুলি উল্লেখ কৰিছে পৰেশ বৰুৱাই।

উল্লেখ যে টিংৰাই বিস্ফোৰণত আলফা(স্বা) জড়িত নহয় বুলি ইতিমধ্যে ঘোষণা কৰিছে।

Your Comments