ৰবিবাৰে পুৱতি নিশা তামুলপুৰ থানাৰ অন্তৰ্গত ডিমিলাপাৰ গাওঁৰ ৩২ বছৰীয়া বিবাহিত যুৱক বিনয় চন্দৰ আত্মহত্যা সন্দৰ্ভত বাক্সা জিলা আৰক্ষী তৎপৰ হৈ পৰা পৰিলক্ষিত গৈছে । উল্লেখযোগ্য যে বিনয় চন্দৰ আত্মহত্যাৰ কাৰণ বিদেশী ন্যায়াধিকৰণ আদালতত তেওঁৰ মাতৃ শান্তি ৰাণী চন্দৰ নামত গোচৰ ৰুজু হৈ থকা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয় খচৰাত অন্তৰ্ভূক্তি নোহোৱাৰ উপৰি দৰিদ্ৰতাই কোঙা কৰাৰ ফলত বিনয়ে আত্মহননৰ পথ বাছি লোৱা বুলি পৰিয়াল, স্থানীয় ৰাইজ আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ বাক্সা জিলা সমিতিয়ে ইতিমধ্যেই দাবী উত্থাপন কৰিছিল ।
এই সন্দৰ্ভত মৃত বিনয়ৰ পৰিয়ালেও তামুলপুৰ থানাত বিদেশী ন্যায়াধিকৰণ আদালতে হাৰাশাস্তি কৰাৰ বাবেই আত্মহনন কৰা বুলি এখন এজাহাৰ দাখিল কৰিছে । ইপিনে এই অভিযোগ প্ৰতি অভিযোগ চলি থকাৰ মাজতেই আজি দিনৰ দুই বজাত বাক্সা জিলা আৰক্ষী অধীক্ষকে তামুলপুৰত এক সংবাদ মেল অনুষ্ঠিত কৰি স্পষ্ট কৰি দিয়ে যে বিনয়ৰ পৰিয়ালে বিদেশী ন্যায়াধীকৰণ আদালতৰ পৰা কোনো ধৰণৰ জাননী লাভ কৰা নাছিল বা তেওঁৰ পৰিয়াললৈ আদালতৰ পৰাও কোনো জাননী প্ৰেৰণ কৰা হোৱা নাছিল ।
অতি দুখীয়া পৰিয়ালৰ দিন হাজিৰা কৰা আৰু ২০ দিন আগতে এটি সন্তানৰ পিতৃ হোৱা বিনয়ে আৰ্থিক অনাটনৰ বাবেই আত্মহত্যা কৰাৰ থল আছে বুলিহে আৰক্ষী অধীক্ষক গৰাকীয়ে সন্দেহ প্ৰকাশ কৰি সংবাদ মেল খনত এই কথা সদৰী কৰে। এন আৰ চিৰ উন্নীতকৰণৰ কাম চলি থকাৰ সময়ত কোনো লোকৰ মৃত্যু হ'লেই বা কোনো লোকে আত্মহত্যা কৰিলেই একাংশ লোকে এন আৰ চিৰ বাবেই মৃত্যু হোৱা বুলি বা আত্মহত্যা বুলি ক'ব খোজে যদিও তদন্ত নকৰাকৈ এনে ধৰণৰ কথা কোৱাটো বা দাবী কৰাটো কোনো কাৰণতেই গ্রহণযোগ্য হ'ব নোৱাৰে বুলিও তেওঁ সাংবাদমেল খনত সদাৰি কৰে অধীক্ষক গৰাকীয়ে ৷
- Log in to post comments
- 17 views