ধন লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ ৰঙিয়াৰ খণ্ড বন বিষয়া ধীৰাজ দাস 

ধন লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ ৰঙিয়াৰ খণ্ড বন বিষয়া ধীৰাজ দাস 

এজন ব্যাৱসায়িক ১২ হাজাৰ দাবী কৰি ৯ হাজাৰ টকা লওতে গ্ৰেপ্তাৰ হল উত্তৰ  কামৰূপ বন সংমণ্ডলৰ খণ্ড বন  বিষয়া ধীৰাজ দাস । উল্লেখযোগ্য যে নাগ্ৰীজুলিৰ ভজন দাস নামৰ এজন ডাম্পাৰৰ মালিকৰ পৰা প্ৰতিখন গাড়ীৰ বাবদ ৩০০০ হাজাৰ কৈ ধন দাৱী কৰিছিল এই বন বিষয়া জনে । জানিব পৰা মতে মালিকজনক ধীৰাজ দাসে প্ৰতিদিনে ফোন কৰি ধন বিচাৰি হাৰাশাস্তি কৰি অহাৰ লগতে মাজে সময়ে ৰঙিয়াস্থিত চৰকাৰী আৱাস গৃহলৈ মাতি নিয়ো একেই দাবী কৰে ।

ধন লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ ৰঙিয়াৰ খণ্ড বন বিষয়া ধীৰাজ দাস 

আজিয়ো বিষয়া গৰাকীয়ে ব্যৱসায়ী গৰাকীক  তেওঁৰ চৰকাৰী আবাসগৃহলৈ একেই উদ্দেশ্যেৰে মাতি পঠিওয়াত ব্যৱসায়ী ভজন দাসে  এই সম্পৰ্কত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু আক্ৰাছুৰ বিষয়ববীয়াৰ সৈতে যোগাযোগ কৰে আৰু বিষয়া গৰাকীৰ অসৎ উদ্দেশ্য সম্পৰ্কে বিতংকৈ জনায়। সংগঠন দুটাৰ নেতৃত্বই এই সম্পৰ্কতঅসম চৰকাৰৰ দূৰৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰে। দূৰৰ্নীতি নিবাৰক শাখাৰ দল আজি ৰঙিয়াত উপস্থিতহৈ জাল পাতি তেওঁৰ চৰকাৰী আবাসগৃহৰ পৰাই বিষয়া গৰাকীক ধনদি থকা অৱস্থাত হাতে লোটে গেপ্তাৰ কৰে । বিষয়াজনৰ বাহনৰ লগতে চৰকাৰী আৱাসগৃহতো তন্ন-তন্নকৈ তালাচী চলাই দলটোৰ । 

Your Comments