এইবাৰ ড্ৰোনৰ মাধ্যমেৰে ঘৰৰ দুৱাৰে দুৱাৰে টিকা! পথ দেখুৱাইছে তেলেঙ্গানা চৰকাৰে

Vaccine with the help of drone

এইবাৰ ড্রোনৰ মাধ্যমেৰে পোনপটীয়াকৈ ঘৰৰ দুৱাৰৰ মুখত পাব ক’ৰ’নাৰ টিকা। প্রথমবাৰ পৰীক্ষামূলক ভাৱে সেই পদ্ধতি আৰম্ভ কৰিবলৈ আগবাঢ়িছে তেলেঙ্গানা চৰকাৰ। সূত্রৰ খবৰ অনুসৰি, মে’ মাহৰ শেষৰ ফালে পৰীক্ষামূলক এই পদ্ধতি আৰম্ভ কৰিব পাৰে কে চন্দ্রশেখৰ ৰাও চৰকাৰে। যদি সঁচাকৈয়ে এই পদ্ধতি কার্যকৰী হয়, তেতিয়া ক’ৰ’নাৰ বিৰুদ্ধে যুঁজত এক যুগান্তকাৰী পদক্ষেপ হ’ব বুলি আশা কৰিছে বিশেষজ্ঞ মহলে ৷

Drone

জানিবলৈ পোৱা গৈছে, এই পৰীক্ষামূলক পদ্ধতি আৰম্ভৰ বাবে তেলেঙ্গানা চৰকাৰক স্বর্তসাপেক্ষে অনুমতি দিছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহন মন্ত্রালয়ে। অনুমতি পাইছে ডিৰেক্টৰ জেনেৰেল অফ্‌ ছিভিল এভিয়েচনৰো (DGCA)। এপ্রিল মাহত এই অনুমতি পাইছে তেলেঙ্গানা চৰকাৰে। এক বছৰৰ বাবে পৰীক্ষামূলক ভাৱে এই পদ্ধতিৰ বাবে পাইছে অনুমতি। সূত্রৰ খবৰ অনুসৰি, স্বৰ্ত হিচাপে ড্রোন উৰাৰ সর্বোচ্চ সীমাও নির্দিষ্ট কৰি দিয়া হৈছে। মাটিৰপৰা সর্বোচ্চ ৪০০ ফুট ওপৰত উৰিব পাৰিব এই ড্রোন।  ইয়াৰ বাহিৰে তেলেঙ্গানা চৰকাৰক ছিগনেল পইন্ট কো-অর্ডিনেটৰৰ সাহায্যৰ এই সম্পূর্ণ ব্যৱস্থাটো সচল ৰাখিব লাগিব।কেন্দ্রৰ তৰফৰপৰা কোৱা হৈছে পৰীক্ষাৰ শেষত, তেলেঙ্গানা চৰকাৰে এই সংক্রান্তীয় এটা পুঙ্খানুপুঙ্খ ৰিপোর্ট নতুন দিল্লীক দিব লাগিব।

বিশেষজ্ঞসকলৰ মতে, এই পদ্ধতি সফল হ’লে টিকা পৰিবহনৰ ক্ষেত্রত একাধিক সুবিধা হ’ব। প্ৰথম, টিকা পৰিবহনত দ্রুততা আহিব। দ্বিতীয়তে, ঘৰৰ দুৱাৰত ক’ৰ’না টিকা পোৱাই দিয়া হ’ব। তৃতীয়তে, ঘনবসতি এলেকাত ভীৰ এৰি টিকা পোৱাই দিয়া যাব। এই ক্ষেত্ৰত কেৱল তেলেঙ্গানা চৰকাৰকেই নহয়, ড্রোনৰ মাধ্যমেৰে ঘৰে ঘৰে টিকা পোৱাব পৰা যাবনে নাই সেই বিষয়ে পৰীক্ষাৰ বাবে ইণ্ডিয়ান কাউন্সিল অফ্‌ মেডিকেল ৰিছাৰ্ছ (ICMR)-কো অনুমতি দিয়া হৈছে। আইআইটি কানপুৰৰ সৈতে যৌথ ভাৱে সেই পৰীক্ষা চলাইছে ICMRএ । 

Your Comments