নগাঁৱৰ জামুগুৰিত ৰাম গগৈ স্মৃতি দিৱস  আৰু কবি মেল সম্পন্ন 

কবি


সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা পথাৰৰ কবি ৰাম গগৈয়ে ১৯৯৪ চনৰ ৯ ছেপ্টেম্বৰত পৰলোক প্ৰাপ্তি হৈছিল ।  সদৌ অসম কবি সন্মিলনে সমগ্ৰ ৰাজ্যতে প্ৰতি বছৰে ৯  ছেপ্তেম্বৰত  উদযাপন কৰি আহিছে ৰাম গগৈ স্মৃতি দিৱস । এই উপলক্ষে আজি নগাঁও জিলা কবি সন্মিলন আৰু জামুগুৰি শাখা কবি সন্মিলনৰ উদ্যোগত জামুগুৰিত ৰাম গগৈ স্মৃতি দিৱস উদযাপন কৰা হয়। জামুগুৰিৰ ছহিদ মনবৰ নাথ মজলীয়া বিদ্যালয়ত আয়োজন কৰা স্মৃতি দিৱসৰ আৰম্ভনিতে ৰাম গগৈ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শাখা কবি সন্মিলনৰ সভাপতি কৰবী লিগিৰা আৰু কাৰ্যকৰী সভাপতি অনিল চন্দ্ৰ নাথে। ইয়াৰ পাছতে নগাঁও জিলা কবি সন্মিলনৰ উপ সভাপতি দুৰ্গেশ্বৰ বৰকটকী সভাপতিত্বত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা ।

স্মৃতিচাৰণ সভাত কবি কেশৱ বৰা আৰু দুৰ্গেশ্বৰ বৰকটকীয়ে ৰাম গগৈৰ ওপৰত আলোকপাত কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সঞ্জীৱ সাগৰ চৌধুৰীয়ে। স্মৃতিচাৰণ সভাৰ অন্তত আৰম্ভ হয় কবি মেল । নূপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য মোহন ভট্টাচাৰ্য আৰু দিজেন্দ্ৰ মোহন হাজৰিকাই কবিতা পাঠৰে উদ্বোধন কৰা কবি মেলখনত নগাঁও সদৰ কবি সন্মিলনৰ সভাপতি প্ৰদীপ কুমাৰ শইকীয়া, দীপ্তি বৰা, যমুনামুখ আঞ্চলিক কবি সন্মিলনৰ সভাপতি মিনতি দেৱী কাকতি, হাচিনা মমতাজ, ৰূপম নাথ, প্ৰাঞ্জল বৰদলৈ, মুনীন্দ্ৰ কুমাৰ নাথ, ৰাজু দত্ত, পাপুৰাজ যোগী, নৰেন্দ্ৰ নাথ হাজৰিকা, মায়ামণি দেৱী, বিনয় দাস, দীনবন্ধু দাস, ঋতুপৰ্ণ শৰ্মা, পূৰ্ণিমা দেৱী, মীনা দেৱী, গংগা ডেকা প্ৰমূখ্যে প্ৰায় দুকুৰি কবিয়ে বৃহত্তৰ জামুগুৰি অঞ্চলটো জীপাল কৰি তোলে ।

Your Comments