কন্যা সন্তান জন্ম হোৱাৰ বাবেই জন্মৰ পৰাই স্বীকৃতি নিদি এলাগী কৰিলে পত্নী-কন্যাক

biswanath

বিশ্বনাথৰ চাৰিআলি আদৰ্শ বহুমূখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোনাৰাম ভূঞা নামৰ এইগৰাকী ভদ্ৰলোকে নিজৰ প্ৰথমা পত্নীৰ কন্যা সন্তান থকা বাবেই পুত্ৰ সন্তানৰ লোভত বিশ্বনাথৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতীক পত্নী হিচাপে আকোৱালী লৈছিল । কিন্তু মহিলা গৰাকীয়ে সোনাৰাম ভূঞাৰ ঔৰষত ১৯৯৯ চনৰ জুনত বিশ্বনাথ চাৰিআলিৰ কে পি মেমৰিয়েল হস্পিটালত কন্যা সন্তান জন্ম দিয়ে । যাৰবাবেই উচ্চ শিক্ষিত লোকজনে নিজৰ ঘৰত প্ৰবেশ কৰিবলৈ দিয়া নাছিল নিজৰ দ্বিতীয় পত্নী আৰু সদ্যজাত সন্তানক ।

স্বামীৰ দ্বাৰা লাঞ্চিত আৰু প্ৰতাৰিত হৈ মহিলা গৰাকীয়ে কন্যা সন্তানটিসহ তেতিয়াৰে পৰা আশ্ৰয় ল'ব লগা হয় পিতৃ গৃহত । দৰিদ্ৰ মহিলা গৰাকীয়ে আদালতৰ ওচৰচপাত আদালতে খোৰাকি দিয়াৰ নিৰ্দেশ দিছিল ৷ কিন্তু আদালতকো অবমাননা কৰিলে সোনাৰাম ভূঞা নামৰ শিক্ষকজনে । পিতৃৰ কোনো মৰম তথা সহায় নোহোৱাকৈ ডাঙৰ দীঘল হয় কন্যা সন্তানগৰাকী ।

মাকে বহু কষ্ট কৰি পঢ়া-শুনা কৰোৱাত বৰ্তমানে মহাবিদ্যালয় পৰ্যায় পালেগৈ মেধাবী ছাত্ৰীগৰাকী । কিন্তু বিকৃত মানসিকতাৰ পিতৃয়ে নিৰ্যাতন ইমানতে অন্ত পেলুৱা নাছিল । এন আৰ চিৰ চূড়ান্ত খচৰাত ছাত্ৰীগৰাকীৰ নাম সোনাৰাম ভূঞাৰ কন্যা হিচাপে অন্তৰ্ভূক্ত হোৱাত পুনৰ দৰিদ্ৰ ছাত্ৰীগৰাকীৰ ওপৰত বিশ্বনাথ চাৰিআলি থানাত তেওঁৰ লিগেছি চুৰি কৰি অকৰ্তৃত্বশীল ভাবে ব্যৱহাৰ কৰা বুলি এজাহাৰ দাখিল কৰি পুনৰ  নিৰ্যাতন আৰম্ভ কৰিছে । আজি ছাত্ৰীগৰাকী আৰু তেওঁৰ মাতৃ বিশ্বনাথ চাৰিআলি থানাত উপস্থিত হৈ জন্ম হোৱা চিকিৎসালয়ৰ প্ৰমান পত্ৰ, জন্মৰ চৰকাৰী প্ৰমান-পত্ৰ আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰমান-পত্ৰ আৰক্ষীৰ ওচৰত দাখিল কৰে ।

যিবোৰ প্ৰমান-পত্ৰত ছাত্ৰীগৰাকীৰ পিতৃ সোনাৰাম ভূঞা বুলি স্পষ্টকৈ উল্লেখ আছে । পিতৃৰ দ্বাৰা বাৰে বাৰে লাঞ্চিত, বঞ্চিত হৈ মেধাবী ছাত্ৰীগৰাকীয়ে এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে । সোনাৰাম ভূঞাৰ প্ৰতিক্ৰীয়া বিচৰা হৈছিল যদিও তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য নিদি অতি কৌশলৰে গাড়ীত উঠি আঁতৰি যায় ।

Your Comments