আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী গৌৰৱময় ইতিহাসৰ স্বাক্ষৰ তথা আহোম স্বৰ্গদেউসকলৰ পবিত্ৰ মৈদামস্থলী বেদখলত নামি পৰিছে চৰাইদেউ পৰ্বত চাহ বাগিচা । দাৰ্জিলিং টী কোম্পানীৰ মালিকানাধীন চৰাইদেউ পৰ্বত চাহ বাগিচা কৰ্তৃপক্ষই বিগত কুৰি বছৰ কাল বেদখল কৰি চাহ খেতি কৰি থকা পৰিলক্ষিত হৈছে ।এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি, চৰাইদেউ মহকুমা ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্র সন্থা চমুকৈ আটাছু, টাই-আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে চৰাইদেউ জিলা উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰি ঐতিহ্যমণ্ডিত চৰাইদেউত হোৱা বেদখল উচ্চেদ কৰি মৈদামস্থলীক সংৰক্ষিত কৰিবলৈ আহ্বান জনায় ।
আনহাতে এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত আজি চাৰিওটা সংগঠনে আটাছু চৰাইদেউ জিলা সমিতিৰ কাৰ্যালয়ত এখন যৌথ সংবাদমেল অনুষ্ঠিত কৰি চৰাইদেউ মৈদামৰ ভূমি বেদখল মুক্তৰ দাবীত সৰৱ হৈ পৰাৰ লগতে চৰাইদেউ পৰ্বত চাহ বাগিচা কৰ্তৃপক্ষই ঐতিহ্যথলীক ধ্বংস কৰাৰ বাবে ষড়যন্ত্ৰত নামি পৰা বিষয়টোত অদ্যপৰিমিত চৰাইদেউ জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়া কাৰ্যক তীব্ৰভাবে গৰিহণা দিয়ে । আনহাতে যোৱা এক এপ্ৰিলত চৰাইদেউ জিলা প্ৰশাসনে লক্ষাধিক গছপুলি ৰোপনৰ জৰিয়তে মৈদাম স্থলীক সংৰক্ষিত এলেকাটোত ১৪৪ ধাৰা জাৰি কৰাৰ পাছতো প্ৰশাসনৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰোপন কৰা গছপুলি কাটি, উভালি উক্ত স্থানত চাহপুলি ৰোপন কৰাৰ পাছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যত ৰহস্যৰ গোন্ধ পোৱা গৈছে ।
ইফালে চৰাইদেউ মৈদামৰ ভূমিত বাগিচা কৰ্তৃপক্ষই চলোৱা বেদখল উচ্চেদ কৰাৰ দাবীত আছু, এজেৱাইচিপি, টাইপা, আটাছুৰ উদ্যোগত মৈদাম স্থলীত ১২ চেপ্তেম্বৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত পৰৱৰ্ত্তী সময়ত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও, অনিৰ্দিষ্টকালীন ঐতিহ্যথলী তলাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সংবাদমেলত ঘোষণা কৰে। আনহাতে চৰকাৰ তথা জিলা প্ৰশাসনে জাতীয় স্বাৰ্থজৰিত বিষয়টোত গুৰুত্ব নিদিলে জিলাখনৰ আন দল-সংগঠন তথা ৰাইজৰ সহযোগত চাৰিওটা সংগঠনে কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰে ।
- Log in to post comments
- 24 views