মাহমৰা সমষ্টিৰ উজনি দাধৰা ৰাইজৰ ‘গাওঁলৈ যাওঁ বলক’ কাৰ্যসূচী

মাহমৰা সমষ্টিৰ

দেশ স্বাধীন হোৱা ৭০ বছৰ পাছতো উন্নয়নৰ নহ'ল ভড়ালী পুখুৰী পঞ্চায়তৰ উজনি দাধৰা গাওঁ । নাই কোনো যাতায়ততথা বিদ্যুতৰ সু-ব্যৱস্থা আনকি দৰিদ্ৰ শ্ৰমিক শ্ৰেণীয়ে বসবাস কৰা এই গাওঁৰ বহুতৰ ঘৰত নজ্বলে  টিপ চাকিও । চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ ভড়ালী পুখুৰী পঞ্চায়তৰ  অৰ্ন্তগত  উজনি দাধৰা গাঁৱত প্ৰায় ১০০ৰো অধিক পৰিয়ালে  বসবাস কৰে যদিও গাওঁখনৰ আলি বাটত আৰু বিদুৎ যোগানৰ কোনো সুবিধা লাভ নকৰিলে ।

এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এই গাঁও খনত দিনতে ছাত্ৰ ছাত্ৰী সকলে কিতাপ পঢ়িবলৈ বাধ্য কাৰণ নিশা হ’লে ইয়াত বিৰাজ কৰে কেবল অন্ধকাৰ । চৰকাৰৰ ফালৰ পৰা পোৱা ৩ লিটাৰ নীলা কেৰাচিন তেলে কোনো কাৰণতে মাহটো চলাব নোৱাৰে এই গাঁৱৰ লোকসকলে। কিন্তু বোকা পানীৰে  খোজ কাঢ়ি উজনি দাধৰা প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰি পৰৰ্ৱতী সময়ত যোৰহাট , ডিব্ৰুগড় ইউনিভাৰ্চিটি পৰা বিএচি , মাষ্টাৰ ডিগ্ৰী লাভ কৰি আছে এই খন গাঁওৰৰ ল'ৰা ছোৱালীয়ে । কিন্তু খৱৰ ল'বলৈ সময়ৰ অভাৱ বিধায়ক যোগেন মহনদেৱৰ ।

মাহমৰা সমষ্টিৰ

কণ-কণ ল'ৰা ছোৱলীয়ে এতিয়াও একাঠু বোকাত খোজ কাঢ়ি যাব লগীয়া হয় স্কুললৈ , বেমাৰ আজাৰ হলে বিপদত পৰিব লগা হয় কাৰণ এই গাওঁত নাই কোনো চিকিৎসা সেৱা ব্যৱস্থা, অনাময় আঁচনি , বিক্ষুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত এই গাঁওবাসী লোক ।  প্ৰথমে কংগ্ৰেছ দল তাৰ পাছত  বি জে পি দলৰ শাসনত থকা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰি কোনো সু-ফল নোপোৱাত  উজনি দাধৰা  ৰাইজে চৰাইদেউৰ সংবাদ কৰ্মীৰ জৰিয়তে চৰাইদেউ প্ৰেছগীল্ডৰ উদ্যোগত আৰু উজনি দাধৰা ৰাইজৰ সহযোগত " গাঁওলৈ যাওঁ বলক " এক অনুষ্ঠান অনুষ্ঠিত কৰি ৰাইজে গাঁওখনৰ সমস্যাৰ সমুহ ডাঙি ধৰে  ।

 ইফালে  শাসনাধিষ্ঠ চৰকাৰ খনে উজনি দাধৰা গাওঁখনৰ সমস্যা খিনি দুৰ নকৰিলে  অনাগত নিৰ্বাচনত গাওঁৰ সকলো ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে সংবাদ মাধ্যমৰ আগত। মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন  আৰু সোণাৰি সমষ্টিৰ বিধায়ক তথা অসমৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈক এবাৰ এই গাঁও খনলৈ আহি সমস্যাৰ বুজ লবলৈ আহ্বান জনাইছে ।

Your Comments