২০ লক্ষ বছৰ পূৰ্বে অগ্ন্যুৎপাত ঘটিছিল মঙ্গলত

March

মঙ্গলে যেন ক্রমশঃ তাৰ ৰহস্যৰ দুৱাৰ খুলি দিছে। মহাজাগতিক ৰহস্যৰ বিষয়ে মানুহৰ অসীম আগ্রহ। চিৰকালৰ আগ্রহ। সেই আগ্রহৰ ভিতৰত স্থান লৈছে মঙ্গলৰ প্রতি কৌতূহলে। সেই কৌতূহলৰ ৰহস্য ভেদ কৰাৰ নানা চেষ্টাৰ এটা হ’ল মার্চ এক্সপ্রেছ।

March express

২০০৪ চনৰপৰা এই মার্চ এক্সপ্রেছে মঙ্গলগ্রহত অনুসন্ধান চলাই গৈছে। ইউৰোপৰ উদ্যোগত কোনো গ্রহ সম্পর্কে গৱেষণাৰ এয়াই প্রথম চেষ্টা। গ্রহ সংক্রান্তীয় ভূতাত্ত্বিক ৰাল্ফ ইয়াউমানে এই সন্দৰ্ভত কয়, প্রযুক্তিগত দিশৰপৰা এইটো নিশ্চিত ভাৱেই অসাধাৰণ এক সাফল্য। এখন মহাকাশযানে সকলো বাধা পাৰ হৈ প্রায় ২০ বছৰ ধৰি অসম্ভৱ বিকিৰণৰ মাজতেই অত্যন্ত প্রতিকূল পৰিৱেশত এটাও ভুল নকৰাকৈ কাম কৰি আছে!

মার্চ এক্সপ্রেছৰ সকলোতকৈ গুৰুত্বপূর্ণ যন্ত্র হ’ল বিশেষভাৱে নিৰ্মিত এক কেমেৰা। ৰাল্ফ ইয়াউমানেও এই কেমেৰাটোৰ নিৰ্মাণ কাৰ্যত অংশ লৈছিলে। সেই কেমেৰাটোৱে প্রায় নিখুঁত ছবি তুলিব পাৰে। সেই কেমেৰাটোৰ জৰিয়তেই প্রথমবাৰ মঙ্গলগ্রহৰ ত্রিমাত্রিক আৰু ৰঙীন মানচিত্র প্ৰস্তুত কৰা সম্ভৱ হৈছিল।

March

সেই খিনি মানচিত্রৰ ভিত্তিতেই মঙ্গলগ্ৰহৰ ভূতাত্ত্বিক বিকাশ আৰু জলবায়ুৰ ইতিহাস সম্পর্কে অনেক নতুন তথ্য পোৱা গৈছে। মঙ্গলগ্রহত উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতেই এই যানে আৱিষ্কাৰ কৰিছিল মঙ্গলৰ বুকুত গোট মৰা পানী। এই তথ্য প্ৰকাশৰ পিছতেই বহুবোৰ সমাধান আহি পৰে। কিয়নো তাত যে এটা সময়ত প্রচুৰ পৰিমাণে পানী আছিল, সেই তত্ত্বৰ পক্ষত প্রমাণ শক্তিশালী হ’ল। ইয়াউমানে অৱশ্যে ইয়াকো কয় যে, কেৱল পানীৰ অস্তিত্বৰ বিষয়টোৱেই নহয়, আমি তাৰ পাহাৰৰ উচ্চতা সম্পর্কেও জানিবলৈ সক্ষম হৈছো।

মার্চ এক্সপ্রেছে মঙ্গলৰ সকলোতকৈ বৃহৎ আগ্নেয়গিৰিৰ মাজত সজীৱ লাভাৰ চিহ্নও পাইছে। ২০ লাখ বছৰ পূৰ্বে মঙ্গলগ্ৰহত অগ্নুৎপাত ঘটিছিল। আজিও তাৰ মাটিৰ তলত গৰম অংশ থাকিব পাৰে। যি জীৱাণুৰ বিকাশৰ ক্ষেত্রত সহায়ক হ’ব পাৰে।

March

মঙ্গলৰ বিষুৱৰেখা আৰু ক্রান্তীয় অঞ্চলত আন এটা কৌতূহলোদ্দীপক আৱিষ্কাৰ কৰিছে মার্চ এক্সপ্রেছে। সেইটো হ’ল মঙ্গলত হিমবাহৰ চিহ্ন অনুসন্ধান কৰি উলিয়াইছে । ৰাল্ফ ইয়াউমানে কয় যে, তাত কোনো এক সময়ত উল্কাৰ খুন্দাত কিছুমান গুহা সদৃশ গাতৰ সৃষ্টি হৈছিল। সেই গাতসমূহত বৰফ জমা হৈছিল। এনে ধৰণৰ একাধিক গাত আছিল। প্রথম গাতৰ তলত দ্বিতীয় গাত। প্রথমটো উপচি পৰি দ্বিতীয়টো গাতো পূৰ্ণ কৰি দিয়ে।

হিমবাহৰ চিহ্নই দেখুৱাই দিছে যে, মঙ্গলগ্রহ ইমানেই অস্থিৰ যে তাৰ বিষুৱৰেখা মেৰুৰ দিশে অগ্রসৰ হৈছে আৰু ইয়াৰ বিপৰীতটোও ঘটিছে। সেই বাবে অতীতত পানীৰ গতিৰো বাৰে বাৰে পৰিৱৰ্তন ঘটিছিল। সাধাৰণতে নদীৰ উৎপত্তি আৰু তাৰ বিনাশৰ এনে চক্র সম্পূর্ণ হ’বলৈ বহু লাখ বছৰ সময় লাগি যায়। তাৰপিছত সেইসমূহৰ চিহ্ন থাকি যায়। যিদৰে মঙ্গল গ্ৰহৰ ক্ষেত্রতো থাকি গৈছে।

Your Comments