"ক'ৰ'না প্ৰতিৰোধৰ নিৰ্দেশনা ভংগ কৰি ১১বজাৰ পিছতো অনুষ্ঠান কৰি থকা শিল্পীৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ।ন্যায়ালয়লৈ অহা-যোৱা কৰি থাকিব লাগিব"-পহিলা বহাগৰ দিনটোত শিল্পীসকলক সকীয়নী প্ৰদান মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
"ক'ৰ'নাৰ নীতি-নিৰ্দেশনা ভংগ কৰি যিসকল শিল্পীয়ে ১১বজাৰ পিছতো মঞ্চ নেৰিব,সেইসকলক আৰক্ষী প্ৰশাসনে একো নকৰে;কিন্তু ৰাতি ১১.৩০বজাৰ পিছত টিভিত যাকে দেখা যাব প্ৰত্যেকৰে বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ"-মন্ত্ৰীগৰাকীয়ে লগতে কয়।
অসম চৰকাৰ বিহু আয়োজন কৰাৰ পক্ষত বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"যি আইন ভংগ কৰিব,অহা তিনি বছৰলৈ ক'ৰ্ট-কাছাৰীত ঘূৰি ফুৰিব লাগিব।"
- Log in to post comments
- 18 views