ব্ৰেইন টিউমাৰৰ সৈতে যুঁজি থকা ২ বছৰীয়া ময়ুখক অলপ সহায়ৰ প্ৰয়োজন

Mayukh

গুৱাহাটী নিবাসী উৎপল বৰুৱা আৰু ঝৰ্ণা বৰুৱাৰ ২ বছৰীয়া পুত্ৰ ময়ুখ উৎপল বৰুৱা ব্ৰেইন টিউমাৰৰ বাবে গুৰুতৰ ভাৱে অসুস্থ হৈ গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিতালৰ NICUত চিকিৎসাধীন হৈ আছে ৷

জানিব পৰা অনুসৰি, কণমানি শিশুটিৰ চিকিৎসাত বৰ্তমানলৈকে ৫০,০০০ৰো অধিক টকা খৰছ হৈছে ৷ এই ধনৰাশি পৰিয়ালটোৱে নিজৰ জমা টকা আৰু ঋণৰ জৰিয়তে আদায় কৰিলে । পৰৱৰ্তী চিকিৎসা আৰু চাৰ্জাৰীৰ বাবে এতিয়া প্ৰয়োজন হৈছে প্ৰায় ১৫লাখৰো অধিক টকা ৷ 

Mayukh

চিকিৎসাৰ বাবে ধনৰ অভাৱে জুৰুলা কৰা দুৰ্ভগীয়া পৰিয়ালটোৱে বৰ্তমান সহায়ৰ বাবে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আবেদন জনোৱাৰ উপৰিও অসমবাসী ৰাইজৰ ওচৰত সহায়ৰ হাত পাতিছে ৷

Mayukh

জীৱনটো আৰম্ভ কৰিবলৈ লওঁতেই মৃত্যুৰ সৈতে যুঁজিব লগা হোৱা কণমানি ময়ুখক সুস্থ কৰি তোলাত সহায় কৰক ৷ সহায় কৰিবলৈ আপুনি https://milaap.org/fundraisers/support-mayukh-utpal-sarma?utm_source=whatsapp&utm_medium=fundraisers-title&mlp_referrer_id=4232510 বা paytmৰ যোগেদি দিব বিচৰা সকলে https://milaap.org/fundraisers/support-mayukh-utpal-sarma/deeplink?deeplink_type=paytm লিংকত গৈ অনুদান আগবঢ়াব পাৰিব ৷

Your Comments