প্ৰথমবাৰ মহাকাশত ঘটিল প্ৰবল ধুমুহা, চলিল ৮ ঘণ্টা সময়জুৰি

Space hurricane

মহাকাশত প্রলয় তাণ্ডৱ।  সম্পূৰ্ণ ৮ ঘণ্টা ধৰি পৃথিৱীৰ চৌম্বক ক্ষেত্রৰ ওপৰত ধুমুহাৰ সৃষ্টি কৰে সৌৰবায়ুৰ সৈতে সৌৰকণা বা ‘চ’লাৰ পার্টিক্‌লচ’-এ। 

এই ঘটনাক বিজ্ঞানৰ ভাষাত কোৱা হয় স্পেছ হাৰিকেন। যি দৃষ্টিগোচৰ হৈছে জ্যোতির্বিজ্ঞানীসকলৰ। উত্তৰ মেৰুৰ ওপৰত বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰ স্তৰত এই মহাকাশ প্রলয় ঘটিছে। স্থান উত্তৰ কানাডা। ১ হাজাৰ কিলোমিটাৰ এলেকাজুৰি দেখা যায় এই মহাজাগতিক ৰোমাঞ্চকৰ দৃশ্য । 

Space hurricane

মহাপ্রলয়ৰ ঘটনাটো পৰিলক্ষিত হৈছিল ২০১৪ চনৰ ২০ আগষ্টত। চীনৰ চেনডং বিশ্ববিদ্যালয়ৰ জ্যোতির্বিজ্ঞানীসকলৰ নজৰলৈ আহে এই বিষয়টো। ইয়াৰ পিছত উত্তৰ কানাডাৰপৰা DMSP (Defense Meteorological Satellite Program) উপগ্রহৰ মাধ্যমেৰে নজৰত ৰাখি গোটেই বিষয়টো 3D মেগনেট’স্ফিয়েৰ মডেলিং ছবিখনো প্ৰস্তুত কৰা হয় । 

ঠিক কি ঘটিছিল? সূর্যৰ বায়ুমণ্ডলৰপৰা সৃষ্টি হয় সৌৰবায়ু। ই আগবাঢ়ি আহে সৌৰমণ্ডলৰ ফালে। ইয়াৰ লগতে বিচ্ছুৰিত হয় প্রচুৰ পৰিমাণে সৌৰকণা। কিন্তু এইবিলাকৰ পৰা জীৱৰ অস্তিত্ব ৰক্ষা কৰিছে পৃথিৱীৰ বায়ুমণ্ডল আৰু অদৃশ্য চৌম্বক ক্ষেত্রৰ বলয়ে। যেতিয়া সৌৰকণা আৰু সৌৰবায়ু আহি চৌম্বক ক্ষেত্রৰ ওপৰত পৰে তেতিয়া তাত বৃহদাকাৰ কম্পনৰ সৃষ্টি হয়। যাৰ ফলত আমি দেখিবলৈ পাওঁ মেৰুজ্যোতি। 

Space hurricane

এই মহাকাশ হাৰিকেনৰ কাৰণ হ’ল উক্ত চৌম্বকক্ষেত্রৰ ওপৰত সৌৰকণাৰ বর্ষণ অতিমাত্রাত ঘটিছে। যাৰ ফলত অশান্ত হ’বলৈ আৰম্ভ কৰে সৌৰকণাত থকা ঋণাত্মক আধানৰ ইলেকট্রন । 

Your Comments