আন্তৰ্জাতিক ন্যায়বিচাৰ দিৱস: নিয়মৰ বান্ধোন নহয়, সংবেদনশীলতাই যি কোনো আইনৰ আত্মা

World day for International Justice

কেৱল আইন এখন কাৰ্যকৰী কৰাই নহয়, সংবেদনশীলতাইহে প্ৰকৃততে জীৱিত ৰাখে যি কোনো আইনক। আমেৰিকাৰ চতুর্দশ প্রধান বিচাৰপতি আর্ল ৱাৰেনে এবাৰ কৈছিল এই কথাষাৰ। আজি, আন্তর্জাতিক ন্যায়বিচাৰ দিৱস। আজিৰ দিনত তেওঁৰ এই উক্তি যেন বেছি মনত পৰে। 

সমগ্ৰ বিশ্বত আজিৰ দিনটো, মানে এই ১৭ জুলাই দিনটো International Justice Day হিচাপে পালিত  হয়। এই দিনটোকে International Criminal Justice Day বুলিও উল্লেখ কৰা হয়। 

সমগ্ৰ পৃথিৱীৰ যি কোনো ক্ষেত্রৰ যি কোনো নিপীড়িত মানুহৰ ন্যায়বিচাৰ নিশ্চিত কৰাই এই দিন উদ্‌যাপনৰ লক্ষ্য।  ইয়াৰোপৰি ন্যায়বিচাৰেই কেৱল নহয়, তাৰো আগৰ স্তৰ, যি স্তৰত অন্যায়-পাপ-অপৰাধ সংঘটিত হয়, সেই পর্যায়ৰ নিয়ন্ত্রণো এই দিনটোৰ অন্যতম লক্ষ্য। অপৰাধীৰ শাস্তি আৰু নিৰপৰাধৰ মুক্তি নিশ্চিত কৰাৰ বাহিৰেও প্রধান কাম হ’ল, অপৰাধ সংঘটিত হ’বলৈ নিদিয়া। 

১৯৯৮ চনৰ ১৭ জুলাই দিনটোক International Court of Justice (ICJ)বা International Criminal Court (ICC)-ৰ দিৱস হিচাপে ধার্য কৰা হয়। ইয়াৰ পিছত ২০১০ চনত প্রথম World Day for International Justice পালিত হয়।

Your Comments