আজি বলয়গ্ৰাস সূৰ্যগ্ৰহণ, ভাৰতত ক’ত ক’ত দেখা যাব? জানক সময়

Solar eclipse

চলিত বছৰৰ প্রথম সূর্যগ্রহণ আজি। বৃহস্পতিবাৰে বলয়গ্রাস সূর্যগ্রহণৰ সাক্ষী হ’ব সমগ্ৰ বিশ্ব। নাছাই জনাইছে, উত্তৰ গোলার্ধৰ মানুহে চাব কৰিব পাৰিব বলয়গ্রাস সূর্যগ্রহণ। 

Solar eclipse

নাছাই জনাইছে, বলয়গ্রাস সূর্যগ্রহণত পৃথিৱীৰপৰা বহু দূৰত অৱস্থান কৰিব চন্দ্ৰ। সূর্য, পৃথিৱী আৰু চন্দ্ৰ এক সৰলৰেখাত আহিলেও সম্পূৰ্ণ লুকাই নাযায় সূর্য। চন্দ্ৰৰ চাৰিওফালে জুইৰ বলয় দেখা যাব। ইয়াক 'ৰিং অফ্‌ ফায়াৰ' (Ring Of Fire) বোলা হয়।

Solar eclipse

নাছাৰ মতে, কোনো কোনো ঠাইত পূর্ণ গ্রহণ দেখা গ’লেও কিছু ঠাইত আংশিক গ্রহণ দেখা যাব ৷ ৰাছিয়া, গ্রীনলেণ্ড আৰু কানাডাত পূর্ণ বলয় দেখা যাব। আংশিক বলয় দেখা যাব মার্কিন যুক্তৰাষ্ট্রৰ পূর্বাংশত, আলাস্কা ইত্যাদি অঞ্চলত। উত্তৰ আমেৰিকা, ইউৰোপ, এছিয়া, উত্তৰ আফ্রিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ অধিকাংশ অঞ্চলত আংশিক বলয় দেখা যাব।

Solar eclipse

দুপৰীয়া ১ বাজি ৪২ মিনিটত আৰম্ভ হ’ব গ্রহণ। শেষ হ’ব সন্ধিয়া ৬ বাজি ৪১ মিনিটত। পিছবেলা ৪ বাজি ১৬ মিনিটত বলয় গ্রাস দেখা পোৱা যাব। একেবাৰে ২৫ ডিগ্রী অৱস্থানত দেখা যাব সূর্য আৰু চন্দ্ৰক।

Solar eclipse

ভাৰতত বলয়গ্রাস সূর্যগ্রহণ দেখা যাব কেৱল লাদাখ আৰু অৰুণাচল প্রদেশত। অৰুণাচলৰ দিবাং অভয়াৰণ্য অঞ্চল এলেকাৰপৰা এই সূর্য গ্রহণৰ সামান্য এটা অংশ দেখা পোৱা যাব পিছবেলা ৫.৫২ বজাত । লাদাখত সূর্যগ্রহণ ৬.১৫ টাত । তাত সূর্যগ্রহণৰ শেষ পৰ্ব সন্ধিয়া ৬ বজাত দেখা যাব পাৰে।  

Solar eclipse

nasa. gov/live ত লাইভ দেখা যাব সূর্যগ্রহণ। সূর্যগ্রহণ অৱশ্যে খালী চকুৰে চোৱা উচিত নহয়। এই সংক্রান্তীয় একাধিক নির্দেশিকা ৱেবছাইটত প্রকাশ কৰিছে নাছাই।

Your Comments