
সুৱেজ খাল মানৱ সভ্যতাৰ বাবে এটা অতি পৰিচিত নাম। কিন্তু সম্প্রতি ইন্টাৰনেটত যি ছবি ভাইৰেল হৈছে সেই ছবিয়ে দৃষ্টি কাঢ়ি নিছে সকলোৰে। মহাকাশচাৰী থমাছ পেস্কোৱেটে আন্তর্জাতিক মহাকাশ ষ্টেচনৰপৰা সুৱেজ খালৰ ১০০খন ছবিৰ এখন বিৰল কলাজ প্ৰস্তুত কৰিছে ৷
ইতিমধ্যে ছবিখন শ্বেয়াৰ কৰিছে বিশ্বৰ বহু লক্ষ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে। প্রশংসা কৰিছে সুৱেজ খালৰ এই বিৰল ফটোক। টুইটাৰত এই ফটো বহু হাজাৰ বাৰ ৰিটুইটো হৈছে।
ইউৰোপ স্পেছ এজেন্সিৰ মহাকাশচাৰী থমাছ পেস্কোৱেটৰ পূৰ্বে মহাকাশৰপৰা পৃথিৱীৰ নানা নেদেখা ছবি শ্বেয়াৰ কৰিছিল অনুৰাগীসকলৰ সৈতে। য’ত সূর্যাস্তৰ সময়ত কেনেকৈ ৰঙা আভাই পৃথিৱীক ঢাকি পেলাই বা আন্তর্জাতিক মহাকাশ ষ্টেচনৰপৰা সেই দৃশ্য দেখিবলৈ কেনে লাগে এই গ্রহটোত সেই সকলো ছবিয়েই আগ্ৰহীসকলৰ বাবে পোষ্ট কৰিছিলে থমাছে ৷
ছনে এখন পৃথিৱীৰ ছবি শ্বেয়াৰ কৰিছিল য’ত গ্রহটোক ৰঙা ৰঙৰ যেন দেখা গৈছিল। থমাছৰ মতে, পৃথিৱী আৰু মঙ্গল গ্রহৰ মাজত পার্থক্য কেৱল এটাই, সেয়া হৈছে ঘন গছ-গছনি।
কিন্তু পৰিষ্কাৰ আকাশত মহাকাশৰপৰা সুৱেজ খালৰ এনে দৃশ্য কোনেও কল্পনাও কৰিব নোৱাৰে। টুইটাৰত সেই ছবি পোষ্ট কৰি থমাছে লিখিছে, "সর্বোচ্চ জুম ব্যৱহাৰ কৰি ১০০খন ছবিৰ কলাজেৰে এই ছবিখন প্ৰস্তুত কৰা হ’ল। য’ত সম্পূৰ্ণ সুৱেজ খালক দেখা গৈছে মহাকাশৰপৰা ।"
- Log in to post comments
- 16 views